ৰাষ্ট্ৰীয়
ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰে
হোজাই : হোজাইৰ থেপেলাগুৰিত পুৱাই ভয়ংকৰ অঘটন ৷ হোজাইৰ স্থিত ডাঙৰীয়া বাবাৰ আশ্ৰমৰ সাধুক হত্যাৰ অপচেষ্টা যুৱকৰ৷ বৃদ্ধ সাধু জন হৈছে ৰামকৃষ্ণ চৌহান৷ তেওঁক কোৰেৰে আক্ৰমণ কৰি আহত কৰে কোমোৰাকতাৰ এজন যুৱকে। আক্ৰমণকাৰী যুৱকৰ নাম হৈছে ধীৰাজ হাছামফুৰা৷
গুৰুতৰভাৱে মূৰত আঘাতপ্ৰাপ্ত হয় সাধু চৌহানে৷ ততাতৈয়াকৈ চিকিত্সালয়ত ভৰ্তি কৰোৱা হয় সাধুজনক৷ ইতিমধ্যে হোজাই আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী ধীৰাজক৷ আক্ৰমণৰ সবিশেষ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ যদিও আৰক্ষীয়ে তদন্দ আৰম্ভ কৰিছে আৰু পৰবৰ্তী সময়ত ইয়াৰ সথিক তথ্য পোহৰলৈ আহিব বুলি আশাবাদী স্থানীয় ৰাইজ৷
Leave A Comment