National
A government school teacher in Bihar's Vaishali district was allegedly kidnapped by a "Pakrauwa gang" and forcibly married...
Digital Desk: A shocking incident has rattled Bihar’s Vaishali district as a government sch
কৰিমগঞ্জ : পাথাৰকান্দি বাইপাছত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা বাইপাছৰ টাৰ্নিঙৰ কালভাৰ্টৰ দাঁতিত দুৰ্ঘটনাত পতিত হয় এখন চিমেণ্টভৰ্তি ট্ৰাক। এই দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় তিনিজনকৈ লোকৰ।
আৰু পঢ়িব পাৰিব : আলোচনাৰ বাবে চৰকাৰ সাজু, কৃষকক আন্দোলন প্ৰত্যাহাৰৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
ইয়াৰে আন এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ NL-01-K- 4098 বুলি জানিব পৰা গৈছে। নিশা SDRF বাহিনী, আৰক্ষী আৰু স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰা হয় মৃতদেহকেইটা। মৃত্যু হোৱা লোক কেইজন এতিয়াও চিনাক্ত হোৱা নাই।
আৰু পঢ়িব পাৰিব : বৰফ গলিছে! আলোচনাৰ দিন ঠিক কৰিবলৈ কেন্দ্ৰক আহ্বান কৃষকৰ
জানিব পৰা মতে ট্ৰাকখন ত্ৰিপুৰা অভিমুখে গৈ আছিল। লগতে গাড়ীৰ মালিক ত্ৰিপুৰাৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত হোৱা আটাইকেইজন লোক ত্ৰিপুৰাৰ বুলি ধাৰণা কৰা হৈছে৷
Leave A Comment