• ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰংচাই বজাৰ !

    আঞ্চলিক
    ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰংচাই বজাৰ !

    গোৱালপাৰা : গোৱালপাৰাৰ লক্ষীপুৰৰ ৰংচাই আৰক্ষী চকীৰ গাতে লাগি থকা ৰংচাই বজাৰৰ এখন হাৰ্ডৱেৰৰ দোকানত বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। অমিত শ্বাহ নামৰ লোকজনৰ দোকানখনত জুইৰ সূত্ৰপাত হয়।





    আৰু পঢ়িব পাৰিব : ৯৫বছৰীয়া সহধৰ্মিনী সহিতে ক’ভিড জয় ১০৫বছৰীয়া বৃদ্ধৰ…





    লোকজনে দোকান বন্ধ কৰি যোৱাৰ বহু সময় পাছত কেনেকৈ জুইৰ সূত্ৰপাত হয় সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। ইপিনে জুই লগাৰ উমান পাই স্থানীয় ৰাইজে ৰংচাই আৰক্ষী আৰু লক্ষীপুৰ অগ্নি নিৰ্বাপন বাহিনীক খবৰ দিয়ে। ততাতৈয়াকৈ লক্ষীপুৰ অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰে।





    আৰু পঢ়িব পাৰিব : কোনে কৰ’নাৰ ‘ছুপাৰ স্প্ৰেডাৰ’ আখ্যা দিলে মোডীক? কিয়?





    দোকানখনৰ অধিকাংশ জুইত জাহ যায় যদিও এতিয়ালৈ ক্ষতিৰ পৰিমাণ ঠাৱৰ কৰিব পৰা হোৱা নাই। ভাগ্যক্রমে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰংচাই বজাৰ।