• মছজিদ পুনৰ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

    আঞ্চলিক
    মছজিদ পুনৰ নিৰ্মাণক লৈ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

    কৰিমগঞ্জ : নিৰ্বাচনী কোবাল বতাহৰ মাজতে ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা। ২০০ বছৰ পুৰণি এটি মছজিদ পুনৰ নিৰ্মাণ কৰাক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় সীমান্ত অঞ্চলত। ঘটনা অনুসৰি, কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত লাফাশাইল আৰু বাংলাদেশৰ ছিলেট জিলাৰ বিয়ানীবজাৰ থানাৰ অন্তৰ্গত গজুকটা এলাকাৰ জিৰো পইন্টৰ কাষত ২০০ বছৰ পুৰণি এটি মছজিদ আছে। আৰু এই মছজিদ পুনৰ নিৰ্মাণ আইনবিৰুদ্ধ হোৱা বাবে বাংলাদেশৰ এই চেষ্টাত বিএছএফে বাধা প্ৰদান কৰিছে।





    আৰু পঢ়িব পাৰিব : কৃষি আইন বাতিলৰ দাবীত পুনৰ ২৬ মাৰ্চত ভাৰত বন্ধ





    পুৰণি মছজিদটো জহি-খহি যোৱাৰ ফলত পুনৰ ইটা বালিৰে নিৰ্মাণ কৰাৰ বাবে বাংলাদেশৰ লোকসকলে চেষ্টা চলাইছিল। আৰু তাকে লৈ বিএছএফ আৰু বিজিবিৰ মাজত সৃষ্টি হয় সংঘাতৰ। উল্লেখ্য যে, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু শ্বেখ মুজিবুৰ ৰহমানৰ চুক্তি অনুসৰি ভাৰত বাংলাদেশ সীমান্তৰ জিৰো পিলাৰৰ পৰা ১৫০+১৫০ গজৰ ভিতৰত ভাৰত আৰু বাংলাদেশে কোনো ধৰণৰ স্থায়ী নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব। কিন্তু কৰিমগঞ্জ জিলাৰ সীমান্ত লাফাশাইল গাঁও আৰু বাংলাদেশৰ গজুকটা গাঁৱৰ এই পুৰণি মছজিদটো জিৰো পইণ্টৰ ১৩৫৭ নং পিলাৰৰ একেবাৰে কাষতে আছে।





    আৰু পঢ়িব পাৰিব : আজি বিয়লি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ





    মছজিদটো জিৰো পয়েন্টেৰ ১৫০ গজৰ ভিতৰত হোৱা বাবে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে পুনৰ নিৰ্মাণ কৰা কাৰ্যত বাধা প্ৰদান কৰে৷ জানিব পৰা মতে, বাংলাদেশৰ ফালৰ পৰা বৰ্ডাৰ গাৰ্ডে বাংলাদেশ জিৰো লাইনৰ ওপৰত বাহৰ পাতি শক্তি প্ৰদৰ্শন কৰি আহিছে। আনহাতে বিএছএফৰ জোৱানেও আইন উলংঘা কৰি মছজিদ নিৰ্মাণ কৰিবলৈ নিদিয়াৰ পূৰ্ণ চেষ্টা চলাইছে।