• মহানগৰবাসীৰ বাবে দুঃখবৰঃ প্ৰতিলিটাৰ গাখীৰত ৩ টকাকৈ দাম বৃদ্ধি

    আঞ্চলিক
    মহানগৰবাসীৰ বাবে দুঃখবৰঃ প্ৰতিলিটাৰ গাখীৰত ৩ টকাকৈ দাম বৃদ্ধি

    গুৱাহাটীঃ বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই আজি সংবাদমেল সম্বোধন কৰে। গুৱাহাটীত প্ৰতিলিটাৰ গাখীৰত ৩ টকাকৈ বৃদ্ধি হ’ব দাম। বিগত ১ জুলাইৰ পৰাই বৃদ্ধি কৰা হৈছে গাখীৰৰ দাম। গো-পালকসকলে দাম বৃদ্ধি কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যৱসায়ীসকলে।





    পূৰ্বতে প্ৰতিলিটাৰ গাখীৰ ৪৮ টকাকৈ আনি পাইকাৰী ৫১ আৰু খুচুৰা ৫৩ টকাত বিক্ৰী কৰা হৈছিল। বৰ্তমান ৫১ টকাত আনি পাইকাৰী ৫৪টকা প্ৰতিলিটাৰত আৰু খুচুৰা প্ৰতিলিটাৰ ৫৬ টকাত বিক্ৰী কৰিব ব্যৱসায়ীসকলে। গুৱাহাটীত দৈনিক ১ লাখ ৬০ লিটাৰ গাখীৰ গো-পালক সন্থাই যোগান ধৰে। গাখীৰৰ এই ব্যৱসায়ৰ সৈতে ৫২০গৰাকী ব্যৱসায়ী জড়িত হৈ আছে বুলিও সংবাদমেলত সদৰী কৰে।