• মহানগৰীত পুনৰ কৰ’নাৰ সংক্ৰমণ ! ঘটনাক গাপ দিয়াৰ চেষ্টা...

    আঞ্চলিক
    মহানগৰীত পুনৰ কৰ’নাৰ সংক্ৰমণ ! ঘটনাক গাপ দিয়াৰ চেষ্টা...

    গুৱাহাটী : কৰ'না মহামাৰীৰ প্ৰকোপ প্ৰায় শেষ হোৱাৰ ফালে গতি কৰাৰ সময়তে মহানগৰীত পুনৰ কৰ’নাৰ সংক্ৰমণে দেখা দিয়ে৷ গুৱাহাটীৰ পাণবজাৰ ডনবস্ক’ৰ দুগৰাকী শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ৷





    আৰু পঢ়িব পাৰিব : অন্ধবিশ্বাসীৰ কবলৰ পৰা কথমপি প্ৰাণৰক্ষা এজনৰঃ ৮ জনক গ্ৰেপ্তাৰ





    শিক্ষয়িত্ৰী প্ৰণীতা দাস চৌধুৰী আৰু মৌচুমী পুৰকায়স্থৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰিছে৷ শিক্ষয়িত্ৰী দুগৰাকী কৰ’নাক্ৰান্ত হোৱাৰ পাছতে হাহাকাৰ অৱস্থা শিক্ষাৰ্থীসকলৰ মাজত৷ দুয়োগৰাকী শিক্ষয়িত্রী বৰ্তমান হোম কোৱাৰেন্টাইনত আছে বুলি জানিব পৰা গৈছে৷





    আৰু পঢ়িব পাৰিব : ভুৱা আধাৰ কাৰ্ডৰে কৰ্মৰত ঠিকাদাৰসহ শ্ৰমিক গ্ৰেপ্তাৰ





    জানিব পৰা মতে বিদ্যালয়খনৰ অভিভাৱকৰ হোৱাট্ছএপ গ্ৰুপত আহিল কৰ’নাক্ৰান্তৰ খবৰ৷ তাৰ পাছৰে পৰা অভিভাৱকে বিদ্যালয়লৈ পঠিয়াব খোজা নাই শিক্ষাৰ্থীক৷ অৱশ্যে এই ঘটনাক গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে ডনবস্ক’ৰ ফাদাৰৰ বিৰুদ্ধে৷