International
After leaving office, Carter decided to lead a simple life with Rosalynn back in their home in Plains, Georgia…
Digital Desk: Jimmy
গুৱাহাটী : মহানগৰীত পুনৰ চাকৰিৰ নামত প্ৰৱঞ্চনা। চাকৰিৰ প্ৰলোভন দি শিক্ষিত নিবনুৱাৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল এজন প্ৰৱঞ্চক। ধৃত প্ৰবঞ্চকজন হৈছে সাতগাঁৱৰ ৰাজ বৰা ওৰফে বাহাৰুল ইছলাম। অপৰাধ অনুসন্ধান শাখাই ধৃত লোকজনক সাতগাঁৱৰ আমবাৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে।
নাৰেংগী ফৰেষ্টগেটৰ বাসিন্দা নৱনীতা কোচ নামৰ মহিলাগৰাকীয়ে তেওঁৰ কন্যাক লোক নিৰ্মাণ বিভাগৰ নিম্নবৰ্গৰ পদত চাকৰি দিয়াৰ বাবে ৰাজ বৰা ওৰফে বাহাৰুল ইছলামক দিছিল তিনি লাখ টকা। টকা আদায় লোৱাৰ পাছৰে পৰা চাকৰি আজি দিম কালি দিম বুলি দীৰ্ঘদিন ধৰি প্ৰৱঞ্চনা কৰি আহিছিল ধৃত প্ৰৱঞ্চকটোৱে।
অৱশেষত উপায়বিহীন হৈ ভুক্তভোগী মহিলাগৰাকীয়ে গোচৰ তৰে মহানগৰ আৰক্ষী অপৰাধ শাখাত। ইয়াৰ পাছতে অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে প্ৰৱঞ্চকজনক। সম্প্ৰতি অধিক তথ্যৰ বাবে তেওঁক সোধা-পোছা অব্যাহত ৰাখিছে নুনমাটি আৰক্ষীয়ে।
Leave A Comment