• মহানগৰীত মঙলবাৰে ১৮টা নতুন ক'ভিডৰ ঘটনা : ৰাজ্যত মুঠ ৫৩জন

    আঞ্চলিক
    মহানগৰীত মঙলবাৰে ১৮টা নতুন ক'ভিডৰ ঘটনা : ৰাজ্যত মুঠ ৫৩জন

    গুৱাহাটী : নিৰ্বাচনী গৰম বতাহ বলি থকাৰ সময়তে কৰ’নাৰ ঘটনাও দৈনিক চিনাক্ত হৈছে৷ অসমত মঙলবাৰে ৫৩জনৰ দেহত ধৰা পৰিছে ক’ভিড-১৯৷ লগতে ২৩ জনক ক’ভিডমুক্ত বুলি চিনাক্ত কৰিছে৷ ইয়াৰ লগে লগে ৰাজ্যত ৪৯৯জন বৰ্তমান চিকিৎসাধীন হৈ আছে৷





    আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণ তথা মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ





    অৱশ্যে চৰকাৰী বিভাগীয় তথ্য অনুসৰি মঙলবাৰৰ দিনটোত এজনো ক’ভিড ৰোগী ধৰা পৰা নাই৷ কামৰূপ মহানগৰীত ১৮টা নতুন ঘটনাৰ লগতে কামৰূপ গ্ৰাম্যত ১২টা ঘটনা ধৰা পৰিছে৷





    আৰু পঢ়িব পাৰিব : কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোট, সাজু ৩৯টা সমষ্টি





    ইপিনে ৰাজ্যত ক’ভিডৰ পৰা মুক্ত হৈছে ২,১৫,৪১৩জন৷ লগতে মৃত্যুৰ হাৰ ০.৫১ শতাংশ (১,১০৪)৷ ক’ভিডৰ ঘটনা ওলাই থাকিলেও বিশেষ চিন্তাৰ কাৰণ নাই বুলিও আশ্বাস প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷