• মহানগৰীত হাতত চোকা অস্ত্ৰ লৈ হাতী মাউতৰ সন্ত্ৰাস

    আঞ্চলিক

    গুৱাহাটী : মহানগৰীৰ মাজমজিয়াত হাতীৰ মাউতৰ অতপালিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উলুবাৰীত উৰণীয়া সেতুৰ তলতে অশ্ৰাব্য ভাষাৰে বিভিন্নজনক গালি-গালাজ কৰাৰ লগতে আজি এগৰাকী সাংবাদিকলৈ চোকা অস্ত্ৰ লৈ চোঁচা লয় দুজন মাউতে৷

    আৰু পঢ়িব পাৰিব : দ্বিতীয়, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰতো শ্বাহ, নাড্ডা

    জানিব পৰা মতে, সুৰাৰ ৰাগিত মাতাল মাউতে আৰক্ষীৰ সন্মুখতে দাদাগিৰি কৰে৷ ৰাজহুৱা স্থানত চোকা অস্ত্ৰ লৈ সাংবাদিকক আক্ৰমণৰ চেষ্টা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। গজৰাজক ফল-মূল খুওৱাক লৈ ঘটনাৰ সূত্ৰপাত হোৱা বুলি একাংশ লোকে জানিবলৈ দিয়ে৷

    আৰু পঢ়িব পাৰিব : তামুলপুৰত পথ দুৰ্ঘটনা, নিহত দুজন…

    তদুপৰি ঘটনাৰ সময়ত আক্ৰমণৰ বাবে হাতী দুটাকো নিৰ্দেশ দিয়া বুলি অভিযোগ উত্থাপন হৈছে মাউতকেইজনৰ বিৰুদ্ধে৷ অৱশ্যে ঘটনাৰ পাছতে মাউত দুজনে হাতী দুটাক উক্ত স্থানৰ পৰা লৈ যায়৷

    Weather Forecast

    ASSAM WEATHER