National
Digital Desk: External Affairs Minister Dr. S Jaishankar will represent India at the swearing-in ceremony of US President-elect Donald Trump on January 20. Donald Trump is set to become the 47th President of the
গুৱাহাটী : মহানগৰীত পুনৰ জব্দ কৰা হৈছে বৃহৎ পৰিমাণ ড্ৰাগছ। ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে ৫জনকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ো। আৰক্ষীয়ে জব্দ কৰে ৫০টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষী থানা, পানীখাইতি আৰক্ষী চকী আৰু চান্দমাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ’ল অংকুৰ জ্যোতি দাস, কিশোৰ শৰ্মা (পানীখাইতী), অজিত শইকীয়া (নুনমাটি), ৰাজীৱ ৰাজবংশী (নুনমাটি), আৰু ৰাহুল হুছেইনে (চান্দমাৰী)। সৰবৰাহকাৰীকেইজনে দীৰ্ঘদিন ধৰি মহানগৰীত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।
Leave A Comment