• মহানুভৱতা!জন্মদিনটোত প্লাজমা দানৰ অঙ্গীকাৰ শচীনৰ...

    আঞ্চলিক
    মহানুভৱতা!জন্মদিনটোত প্লাজমা দানৰ অঙ্গীকাৰ শচীনৰ...

    শচীন…শচীন…! ৱানখেড়ে ষ্টেডিয়ামত তেতিয়া এটাই নাম | খেলপথাৰৰ মধ্যমণি মাষ্টাৰ ব্লাষ্টাৰ | জন্মদিনৰ কেক দেখি শচীনে কৈছিল - 'বেটখন কাটিব নোৱাৰিম,খেলপথাৰৰ সৰু অংশই কাটো |' এনেকৈয়ে উদযাপন কৰা হৈছিল 'গড অফ ক্ৰিকেট'ৰ ৪৪তম ওপজা দিন|তেতিয়া অৱশ্যে মহাতাৰকা গৰাকীয়ে পৰিধান কৰিছিল মুম্বাই ইণ্ডিয়ানছৰ জাৰ্ছী|ইয়াৰ পূৰ্বেও ভাৰতীয় দলক পোছাক পৰিধান কৰি ড্ৰেসিং ৰূমতেই কেক কাটি জন্মদিন উদযাপন কৰিছিল শচীনে |





    আৰু পঢ়িব পাৰিবক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীক দিয়া হ’ব টকা !





    ৪৭টা বসন্ত অতিক্ৰমি শনিবাৰে শচীনে ৪৮ বছৰ বয়সত ভৰি দিয়ে | শুভেচ্ছা বাৰ্তাৰে ভৰি গৈছে সামাজিক মাধ্যম| কভিদ পৰিস্থিতিৰ বাবে জন্মদিন পালনৰ পৰা বিৰত থকা খেলুৱৈ গৰাকীয়ে বিগত বৰ্ষৰ দৰে এইবেলিও পৰিয়ালৰ সৈতে নিজ বাসগৃহতে আছে|শনিবাৰে টুইটাৰ যোগে মহাতাৰকা গৰাকীয়ে এইদৰে কয় যে-''আপোনালোকৰ শুভেচ্ছা বাৰ্তাৰ বাবে অশেষ ধন্যবাদ|আপোনালোকৰ শুভকামনাৰ বাবে মোৰ দিনটো ইতিবাচক চিন্তাৰে ভৰি পৰিছে|আপোনালোক নিশ্চয় অবগত যে কিছুদিন পূৰ্বে মই কভিদ-১৯ত আক্ৰান্ত হৈ ২১দিন কোৱাৰেন্টাইনত আছিলো | আপোনালোকৰ মৰম,পৰিয়াল তথা বন্ধুবৰ্গৰ ভালপোৱা আৰু চিকিৎসকৰ শুশ্ৰুষাৰ বাবে মই সুস্থ হৈ উঠিছো | আপোনালোকৰ এই যোগাত্মক সহযোগিতাৰ বাবে অশেষ ধন্যবাদ| "





    আৰু পঢ়িব পাৰিবদেশত ক্ৰমাগত চতুৰ্থ দিনলৈ কৰ’নাত আক্ৰান্তৰ নতুন অভিলেখ





    ইয়াৰোপৰি শচীনে কয় যে-"কিছুদিন পূৰ্বে মই এটি প্লাজমা ড'নেচন চেন্টাৰ উদ্বোধন কৰিছিলোঁ|এই মূহুৰ্তত প্লাজমা ড'নেচনৰ খুব প্ৰয়োজন|মই নিজে কষ্টৰ মাজত আছিলোঁ|কেবল ৰোগী নহয়,ৰোগীৰ পৰিয়ালেও কষ্টভোগ কৰিবলগীয়া হৈছে|আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে|সেইবাবে দেশবাসীৰ সন্মুখত ঠিয় দিয়াটো জৰুৰী|ইতিমধ্যে ক'ভিড-১৯ত আক্ৰান্ত যিসকল ৰোগীয়ে ক'ভিড-১৯ক জয় কৰিছে তেওঁলোকেও চিকিৎসকৰ পৰামৰ্শ হ'লে প্লাজমা ডনেট কৰিব পাৰিব|"





    'গড অফ ক্ৰিকেট' সদৰি কৰে যে তেওঁ অতি শীঘ্ৰেই প্লাজমা ড'নেট কৰিব|মৃত্যুৰ দামামা তথা দেশৰ অস্বাভাৱিক পৰিস্থিতি মাজতে এই বছৰৰ জন্মদিনৰ উপহাৰ হিচাপে প্লাজমা অনুদানৰ অঙ্গীকাৰ কৰিলে মহানতাৰকা গৰাকীয়ে |