জীৱন শৈলী
গুৱাহাটী : ৰাজ্যত মাইক্ৰ’ফাইনেন্সৰ অতপালীত অতিষ্ঠ হৈ ঘৰ এৰি প্ৰতিবাদত নামিল একাংশ গ্ৰাহক৷ মহানগৰীৰ মঠঘৰীয়াৰ বাপুজি নগৰত মাইক্ৰ’ফাইনেন্সৰ বিৰুদ্ধে প্ৰতিবাদ শতাধিক ভুক্তভোগী মহিলাৰ।
আৰু পঢ়িব পাৰিব : ক’ভিডৰ বিৰুদ্ধে আন এখন যুঁজ, ৮২ বছৰীয়া ব্ৰিয়ান প্ৰথম যোদ্ধা
মাহেকীয়া কিস্তিৰ ধন ঘূৰাই দিয়াৰ নামত মাইক্ৰ’ফাইনেন্স কোম্পানীয়ে ভাবুকি প্ৰদান কৰিছে গ্ৰাহকসকলক৷ লগতে মাহেকীয়া কিস্তি বিচাৰি একাংশ মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানে দুৰ্ব্যৱহাৰৰ লগতে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ ভুক্তভোগী একাংশ মহিলাৰ।
আৰু পঢ়িব পাৰিব : ‘ডিজিজ এক্স’ : কৰ’নাৰ পাছত বিশ্বলৈ আফ্ৰিকান ভাইৰাছৰ ভাবুকি!
মাইক্ৰ’ফাইনেন্সৰ ময়মতালি নচলিব, ঋণৰ কিস্তিৰ ধন ঘূৰাই নিয়াৰ নামত গ্ৰাহকক হাৰাশাস্তি বন্ধ কৰক, গ্ৰাহকৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি বিভিন্ন শ্লোগানেৰে মহিলাসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ইয়াৰ লগতে দিনক দিনে মাইক্ৰ’ফাইনেন্সৰ এনে ময়মতালি ৰোধৰ বাবে চৰকাৰ আৰু বৃত্তমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী প্ৰতিবাদী মহিলাসকলৰ।
Leave A Comment