International
Nepal's newly elected President Ramchandra Paudel was admitted to Tribhuwan University Teaching Hospital in Kathmandu's Maharajgunj after...
ওদালগুৰি : ওদালগুৰিৰ ধৰজুলি চাহ বাগিছাত দুই মানৱ সৰবৰাহকাৰীক আটক কৰে ৰাইজে৷ জানিব পৰা মতে বাক্সা জিলাৰ ঔবাৰীৰ দুই পতি-পত্নী কুলদিপ চুণ্ডী আৰু সুমিত্ৰা চুণ্ডীয়ে চলাই গৈছিল মানব সৰবৰাহ৷
আৰু পঢ়িব পাৰিব : বিশ্বনাথ, কাজিৰঙা, কাছাৰত পথ দুৰ্ঘটনা: মৃত ৬জন, আহত ১৬জনৰো অধিক
ওদালগুৰিৰ কেইবাখনো চাহ বাগিছাত কুলদীপ আৰু সুমিত্ৰাই চাকৰিৰ পলোভন দি অথবা ভাল যুৱকৰ লগত বিয়া দিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যৰ দিল্লী, হাৰিয়ানা, মুম্বাই আদি ঠাইত বিক্ৰী বা অসৎ কাৰ্যত লিপ্ত কৰাৰ অভিযোগ তুলিছে ৰাইজে৷ হাৰিয়ানাৰ কমপুৰত থকা কুলদীপ আৰু সুমিত্ৰাৰ কন্যা জানকী চুণ্ডীয়ে এজেণ্ট হিচাপে থকাৰো অভিযোগ উঠিছে৷
ধৰমজুলি চাহ বাগিছাৰ ৫নং লাইনৰ ৰুক্মিণী গোৱালা ওৰফে চুলন্তী গোৱালা আৰু পূৰ্ণিমা গোৱালাক দুবছৰ পূৰ্বে বিয়াৰ দিয়াৰ প্ৰলোভন দি হাৰিয়ানালৈ দুই পতি পত্নীয়ে প্ৰেৰণ কৰে ৷ যুৱতী দুই গৰাকীক লৈ যোৱা দিন ধৰি আজিলৈকে কোনো যোগাযোগ নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷
আৰু পঢ়িব পাৰিব : পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক টেট-২০১৯ৰ উত্তীৰ্ণ
এই দম্পতিহালে পুনৰ বাগিছাখনৰ পৰা যুৱতী নিবলৈ অহাত ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে৷ চাহ বাগিছাসমূহত দুষ্টচক্ৰই প্ৰৱেশ কৰি নিৰক্ষৰ পৰিয়ালৰ লোকসকলক চাকৰি, বিয়া, ধনৰ লোভ দেখুৱাই বহিঃৰাজ্যৰ বিক্ৰী বা অসৎ কাৰ্যত লিপ্ত কৰাই আহিছে দীৰ্ঘদিনৰ পৰা৷
Leave A Comment