Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
নতুন দিল্লীঃ নিৰন্তৰ ব্যস্ততাৰ মাজেৰে দিন পাৰ কৰিছে নীৰজ চোপ্ৰাই। ট’কিঅ’ অলিম্পিকৰ সাফল্যই ক্ৰমাত্ ব্যস্ততা বৃদ্ধি কৰিছে নীৰজ চোপ্ৰাৰ। বিজ্ঞাপন, নৃত্যানুষ্ঠান, ‘কোন বনেগা কড়োৰপতি’কে আদি কৰি এতিয়ালৈকে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিছে নীৰজে। শেহতীয়াকৈ ‘ইণ্ডিয়া টুডে’ৰ বেটুপাতটো ভাৰতীয় এথলীট গৰাকীৰ ফটো প্ৰকাশ পাইছে।
কিন্তু ব্যস্ততাই যেন ক্ৰমশঃ আমুৱাইছে নীৰজক! সেয়েহে ব্যস্ততাৰ পৰিৱৰ্তে মুকলিমুৰীয়াকৈ থকাৰ মন মেলিছে নীৰজে। অৱসৰ বিনোদনৰ বাবে এইবাৰ মালদ্বীপ পালেগৈ নীৰজ চোপ্ৰা। মালদ্বীপ গৈ পাইয়ে ইনষ্টাগ্ৰামত কেইবাখনো মনোৰম ছবি প্ৰকাশ কৰিছে নীৰজে । ইনষ্টাগ্ৰামত পোষ্ট কৰা ছবিকেইখনৰ কেপছনত তেওঁ লিখিছে ‘চুকুন’ অৰ্থাৎ শান্তি। নীৰজে শ্বেয়াৰ কৰা ফটোসমূহ মালদ্বীপৰ ধুনীয়া ফুৰাৱৰী ৰিজৰ্ট আৰু পিকিয়ৰট্ৰেইলকো টেগ কৰিছে।
আনহাতে, ফুৰাৱৰী নেভীয়ে তাৰকা এথলীট গৰাকীক আগমনক লৈ সন্তোষ প্ৰকাশ কৰিছে। মালদ্বীপ যেন হৈ পৰিছে তাৰকাসকলৰ বাবে প্ৰিয় তথা একমাত্ৰ গন্তব্য স্থান। ছ'চিয়েল মিডিয়াত, তাৰকাসকলে প্ৰায়ে মালদ্বীপৰ ফটো শ্বেয়াৰ কৰা দেখা যায়। ইফালে নীৰজৰ ফেন ক্লাবে তেওঁৰ মালদ্বীপৰ ফটোবোৰ নিৰন্তৰ শ্বেয়াৰ কৰি গৈছে। নীৰজৰ ষ্টাইলিছ চাওনিয়েও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
Leave A Comment