• মাৰিলে ভাল পাইছোঁ, কিন্তু মাকলৈ বেয়া লাগিছে... পুত্ৰক হেৰুৱায়ো মাতৃ মততাৰ অনন্য নিদৰ্শন অনিমেষৰ মাতৃ

    আঞ্চলিক
    মাৰিলে ভাল পাইছোঁ, কিন্তু মাকলৈ বেয়া লাগিছে... পুত্ৰক হেৰুৱায়ো মাতৃ মততাৰ অনন্য নিদৰ্শন অনিমেষৰ মাতৃ

    ডিজিটেল ডেস্ক : ‘শুনিছো তাক মাৰিলে। তাক মাৰিলে ভালেই পাইছোঁ। কিন্তু তাৰ মাকলৈও বেয়া লাগিছে। মাকেতো তাক কাৰোবাক মাৰিবলৈ পঠাই দিয়া নাছিল৷’ এয়া আছিল যোৰহাটৰ ঘটনাত কৰুণ মৃত্যুক সাবটি লোৱা ছাত্ৰনেতা অনিমেষ ভূঞাৰ মাতৃয়ে উচুপি উচুপি ৰুদ্ধ হ’ব খোজা কণ্ঠেৰে কৰা মন্তব্য৷ পুত্ৰক হেৰুৱাওৰ বেদনাই মৰ্মাহত কৰা অনিমেষৰ মাতৃৰ এই মমতাভৰা মন্তব্যই চুই গৈছে প্ৰতিগৰাকী মানৱদৰদী ব্যক্তিৰ হৃদয়৷





    পুত্ৰ হত্যাকাৰীৰ মাতৃলৈও সমবেদনা জনাই অনিমেষৰ মাতৃয়ে দেখুৱালে মাতৃত্বৰ এক অতুলনীয় উদাহৰণ৷ এই হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ক'লা ল'ৰাৰ বুধবাৰে পুৱতি নিশা আৰক্ষীৰ বাহনৰ খুন্দাত মৃত্যু হোৱাৰ পাছতে অনিমেষৰ দুৰ্ভগীয়া মাতৃয়ে এয়া ভগৱানৰ বিচাৰ বুলি কয়৷ পুত্ৰক হেৰুৱাই মাতৃয়ে হত্যাকাৰী ক'লা ল'ৰাই উচিত শাস্তি লাভৰ আশা কৰিছিল কিন্তু এগৰাকী মাতৃ হিচাপে অন্য এগৰাকী মাতৃৰ মৰ্মবেদনাৰ কথা ভাবি তেওঁৰ হৃদয় বিচলিতও কৰিছে৷





    অনিমেষৰ মাতৃয়ে লগতে কয়, "মোৰ ল'ৰাক যিদৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল, তেনেকৈ হত্যাকাৰীটোৰো মৃত্যু কামনা কৰিছিলোঁ৷ কিন্তু নিৰ্দোষী মোৰ ল'ৰাটো তাৰ দৰে বেয়া নাছিল কাৰোবাক মাৰি পেলাব পৰাকৈ৷" আনহাতে, অনিমেষ বৰুৱাৰ পৰিয়ালৰ সদস্যই ক’লে আমি এতিয়া সকাহ পাইছোঁ। এটা এটাকৈ বাকীসকলৰো শাস্তি হ’ব লাগে বুলি দাবী কৰে৷