• মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়াৰ ৫৪টাকৈ ঘৰ, সীমান্তত উত্তেজনা

    আঞ্চলিক
    মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়াৰ ৫৪টাকৈ ঘৰ, সীমান্তত উত্তেজনা

    শিলচৰ : অসম মিজোৰাম সীমান্তত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। কালি নিশা মিজো দুৰ্বৃত্তই অসমৰ ৫৪টা ঘৰত অগ্নিসংযোগ কৰে, এই ঘটনাত ১৫জনৰো অধিক লোক আহতও হয়। প্ৰধানমন্ত্ৰী চড়ক যোজনাৰ এটা পথ নিৰ্মাণক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ৷ পথ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তে মিজো সংগঠন আৰু আৰক্ষীৰ লোকে বাধা দিয়াক লৈ অসম বাসিন্দা আৰু মিজো সংগঠনৰ মাজত সংঘাতৰ সূত্ৰপাত হয়।





    আৰু পঢ়িব পাৰিব : আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ





    এই ঘটনাৰ পাছতে সন্ধিয়া ৬বজাত মিজো সংগঠন আৰু মিজো আৰক্ষীয়ে অসমৰ প্ৰায় ২০টা পৰিয়ালৰ ঘৰ জ্বলাই দিয়ে বুলি জানিব পৰা গৈছে৷ এই ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোঁৱা হৈছে৷ হাইলাকান্দিৰ কাটলিচেৰা সমষ্টিৰ কচুৰতল অঞ্চলত সংঘটিত এই ঘটনাৰ পাছতে এতিয়া স্থানীয় লোকে প্ৰাণৰ ভয়ত ঘৰ এৰি পলায়ন কৰিব লগা হৈছে৷





    আৰু পঢ়িব পাৰিব : আজমলে নিজকে গুৰুজনাৰ লগত তুলনা কৰি অক্ষমণীয় অপৰাধ কৰিছেঃ পদ্ম হাজৰিকা





    ইপিনে, এই ঘটনাৰ পাছত স্থানীয় লোক আৰু বিভিন্ন দল-সংগঠনে মিজোৰামৰ বিৰুদ্ধে আজিৰ পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অবৰোধ গঢ়ি তুলিব বুলি হুংকাৰ দিছে। অঞ্চলটোত উত্তেজনা বিৰাজ কৰাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্তৰ কচুৰতল অঞ্চলত সান্ধ্য আইন জাৰি কৰিছে প্ৰশাসনে।