National
কামৰূপ : ক্ষেত্ৰীত আজি সংঘটিত হয় এক অগ্নিকাণ্ড। মিঠাই প্ৰস্তুত কৰা কাৰখানাত সুত্ৰপাত হয় এই অগ্নিকাণ্ড৷ বৃহস্পতিবাৰে সন্ধিয়া কাৰখানাটোত থকা গেছ ভৰ্তী চিলিণ্ডাৰ লিক হোৱাৰ পাছতে এই অগ্নিকাণ্ড সংঘটিত হয়।
চিলিণ্ডাৰৰ জুয়ে নিমিষতে সমগ্ৰ কোঠাটো আৱৰি ধৰে। যাৰ ফলত মুহূৰ্ততে সমগ্ৰ ক্ষেত্ৰী তিনিআলি অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ লগতে সোণাপুৰৰ পৰা অহা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
মন কৰিবলগীয়া যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল সমগ্ৰ ক্ষেত্ৰী অঞ্চল।
Leave A Comment