Regional
নতুন দিল্লীঃ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজে আইচিচি এদিনীয়াৰ ক্ৰমঃতালিকাৰ শীৰ্ষ স্থানলৈ উন্নীত হৈছে। মঙলবাৰে আইচিচি-এ মহিলা এদিনীয়া ক্ৰিকেটৰ ক্ৰমঃতালিকা প্ৰকাশ কৰিছে। এই তালিকাৰ শীৰ্ষস্থানত আছে মিতালী ৰাজ। পূৰ্বেও তেওঁ তালিকাৰ শীৰ্ষস্থানতে আছিল। কিন্তু বিগত বৰ্ষত ক্ৰমঃতালিকাৰ শীৰ্ষৰ পৰা অৱনমিত হৈছিল মিতালীৰ ৰেংক।
সম্প্ৰতি ৭৬২ পইন্টেৰে পুনৰ হেৰুৱা শীৰ্ষস্থান দখল কৰিছে মিতালীয়ে। এদিনীয়া কেৰিয়াৰত ভাৰতীয় মহিলা দলৰ অধিনায়ক মিতালীয়ে ক্ৰমাগত নৱম বাৰ শীৰ্ষস্থানলৈ উন্নীত হৈছে। উল্লেখ্য যে, মহিলা ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে তেওঁ সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে। ইংলেণ্ডৰ বিৰূদ্ধে চলিত ৩খন খেলত মিতালীৰ বেটৰ পৰা আহিছে ২০৬ৰান। ২০০৫ চনত আইচিচি মহিলা বিশ্বকাপত নিউজিলেণ্ডৰ বিৰূদ্ধে ৯১ৰানৰ স্মৰণীয় ইনিংছ খেলি প্ৰথমবাৰলৈ মিতালীয়ে ক্ৰমঃতালিকাৰ শীৰ্ষলৈ উন্নীত হৈছিল।
ৱেষ্ট ইণ্ডিছৰ বেটছমেন ষ্টেফানি টেলৰ, দক্ষিণ আফ্ৰিকাৰ লিজেলী লী, অষ্ট্ৰেলিয়াৰ এলিছা হেলী আৰু ইংলেণ্ডৰ টেমী বিউমন্টক চেৰ পেলাই মিতালীয়ে অন্য এক কৃতত্বৰ অধিকাৰী হৈ পৰিছে। প্ৰণিধানযোগ্য, ভাৰতীয় মহিলা ক্ৰিকেটক মিতালীয়ে অন্য এক দৃষ্টিকোণ দিবলৈ সক্ষম হৈছে। ভাৰত কন্যাৰ এই গৌৰৱত উথলি উঠিছে দেশবাসীৰ মন।
Leave A Comment