• মেট্ৰিকৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ : আৰক্ষীৰ লাঠিচালনা

    আঞ্চলিক
    মেট্ৰিকৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ : আৰক্ষীৰ লাঠিচালনা

    কোকৰাঝাৰঃ শুকুৰবাৰে ঘোষণা হোৱা ‘হাইস্কুল শিক্ষান্ত পৰীক্ষা’ৰ ফলাফলক লৈ আজিও উত্তাল কোকৰাঝাৰ জিলাৰ পৰিৱেশ| পৰিস্থিতি নিয়ন্ত্ৰয়নৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হৈছে। তাৰ ফলত আঘাতপ্ৰাপ্ত হৈছে বহুকেইগৰাকী ছাত্ৰ-ছাত্ৰী।





    কোকৰাঝাৰ জিলাৰ চালাকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে, পৰীক্ষাৰ ফলাফলত প্ৰধান শিক্ষকে বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। উল্লেখ্য যে চালাকটি উচ্চ-মাধ্যমিক বিদ্যালয়ত মুঠ ২৮৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত কেৱল ৪৭ গৰাকীহে উত্তীৰ্ণ হৈছে।





    অসম শিক্ষা বিভাগৰ এনে নীতিক তীব্ৰ গৰিহণা প্ৰদান কৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ লগতে এবিএমছু-এ।