ৰাষ্ট্ৰীয়
মৰিগাঁও : মৰিগাঁও জিলাৰ মৈৰাবাৰীত নিশা মৰেল পুলিচৰ অতপালি৷ চাইকেল চুৰিকাৰ্যত লিপ্ত কিশোৰক তীব্ৰ প্ৰহাৰ মৰেল পুলিচৰ৷ কেমেৰাৰ সন্মুখতে কিশোৰজনৰ ওপৰত জঁপিয়াই পৰিল একাংশ৷ প্ৰহাৰৰ সীমা চেৰাই যোৱাত উপস্থিত হয় আৰক্ষী৷ আৰু অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰটিক৷
আৰু পঢ়িব পাৰিব :পুলৱামা-কুলগামৰ বিস্ফোৰণত জড়িত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ…
মৰিগাঁও জিলাৰ মৈৰাবাৰীত আৰ্থিক দৈন্যতাৰ বাবেই এটি স্কুলীয়া কিশোৰ আন্ধাৰৰ সুযোগ লৈ লিপ্ত হৈছিল চুৰিকাৰ্যত। কিশোৰটিয়ে এখন চাইকেল চুৰি কৰিব যাওঁতে ৰাইজে প্ৰত্যক্ষ কৰি কেমেৰাৰ সন্মুখতে একাংশ ৰাইজে আইন হাতত তুলি লয় আৰু উত্তম-মাধ্যম আৰম্ভ কৰি দিয়ে।
আৰু পঢ়িব পাৰিব :আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা : শিক্ষাৰ্থী ব্যস্ত উপাসনাত
অতি নিৰ্মমভাৱে এজনৰ পাছত এজনে প্ৰহাৰ কৰি থকাৰ দৃশ্য বন্ধী হয় কেমেৰাত। উত্তম-মধ্যমৰ সীমা চেৰাই যোৱাৰ উমান পাই ঘটনাস্থলীত উপস্থিত হয় মৈৰাবাৰী আৰক্ষী৷ অৱশেষত চাইকেল চোৰ কিশোৰটিক মৈৰাবাৰী থানাত আৰক্ষীয়ে ৰাইজৰ মাজৰ লৈ যায় আৰু ৰক্ষা কৰে কিশোৰটিক৷
Leave A Comment