• মৈৰাবাৰীত ৰহস্যজনক মৃত্যু বোৱাৰীৰঃ আটক এজন

    আঞ্চলিক
    মৈৰাবাৰীত ৰহস্যজনক মৃত্যু  বোৱাৰীৰঃ আটক এজন

    মৰিগাঁওঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীত ৰহস্যজনকভাৱে বোৱাৰীৰ মৃত্যুৰ ঘটনাই বিৰাজ কৰিছে এক চেপা উত্তেজনা৷
    ২০
    বছৰীয়া কুলচুমা বেগম তিনিমাহ পূৰ্বে মৈৰাবাৰীৰ আশ্বাদুল ইছলাম নামৰ যুৱক এজৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ কুলচুমা বেগম আশ্বাদুল ইছলামৰ তৃতীয় পত্নী বুলি জানিব পৰা গৈছে৷





    আৰু পঢ়িব পাৰিব :কৰ’নাতাংক! বিহু উদযাপনৰ বাবে সাজু কমিটীসমূহ






    স্বামী আশ্বাদুলে ইয়াৰ পূৰ্বৰ আৰু দুই যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও পূৰ্বৰ দুয়ো পত্নীৰ ঘৰ সংসাৰ ক্ষন্তেকীয়া আছিল৷ আজি পুৱাৰ ভাগত স্বামী আশ্বাদুলৰ ঘৰত সংঘটিত হোৱা কুলচুমা বেগম নামৰ ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যুক একাংশই সহজভাৱে মানি ল’ব পৰা নাই। মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ঘটনাটোৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে স্বামী আশ্বাদুলক আৰক্ষীৰ জিম্মালৈ আনে৷





    আৰু পঢ়িব পাৰিব :নাবালিকা ধৰ্ষণৰ বলি: আৰক্ষীৰ জালত ধৰ্ষণকাৰী






    ইতিমধ্যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে৷ সম্প্ৰতি আৰক্ষীয়ে মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ স্বামী আশ্বাদুল ইছলামক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷