আন্তঃৰাষ্ট্ৰীয়
মৰাণঃ ক'ভিড-১৯ৰ আতংকৰ মাজতে আজি মৰাণৰ পিয়লি নগৰত সংঘটিত হোৱা এক লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ মৰাণতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পিয়লি নগৰৰ নিবাসী ব্যৱসায়ী জীৱন দত্তৰ পত্নী প্ৰমীলা দত্ত (৪৫)ক ঘৰত কোনো নথকাৰ সুযোগত হত্যা কৰি নিৰ্বিঘ্নে পলাই যায় হত্যাকাৰী৷
আৰু পঢ়িব পাৰিব : আজিৰ হাইভল্টেজ মেচত আইপিএলৰ দুই প্ৰতিদ্বন্দী
ঘটনাৰ সময়ত ব্যৱসায়ী জীৱন দত্ত আৰু পুত্ৰ অভিজিৎ মৰাণ নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত আছিল৷ দুপৰীয়া ঘৰলৈ আহি ব্যৱসায়ীজনে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা পত্নীক বাথৰূমৰ ভিতৰত পৰি থকা প্ৰত্যক্ষ কৰে৷
আৰু পঢ়িব পাৰিব : অসমত কংগ্ৰেছেহে গঠন কৰিব চৰকাৰঃ অপূৰ্ব ভট্টাচাৰ্য
মহিলাগৰাকীৰ ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰা বুলি জানিব পৰা গৈছে৷ বৰ্তমান ঘটনাস্থলীত মৰাণ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ এতিয়ালৈকে হত্যাকাণ্ডৰ সন্দৰ্ভত কোনোধৰণৰ তথ্য লাভ কৰা নাই আৰক্ষীয়ে৷
Leave A Comment