• যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি মৰিগাঁৱত উত্তেজনা, আটক ১

    আঞ্চলিক
    যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি মৰিগাঁৱত উত্তেজনা, আটক ১

    মৰিগাঁওঃ মৰিগাঁও ভূৰবন্ধা কাঁহীবাৰীত এজন ২২ বছৰীয়া যুৱক মৃত্যু কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হৈছে৷ ১৭ জানুৱাৰীৰ নিশা মাঘ বিহুৰ ভোজ খাই থকাৰ মাজতে কিছু বাক-বিতণ্ডাৰ হোৱাত একে গাঁৱৰে ৰূপেশ্বৰ কোচ নামৰ এজন লোকে একে গাঁৱৰে বিৰাজ মেধি নামৰ এজন ২২ বছৰীয়া যুৱকক লোৰ জবকাৰে মুৰত আঘাত কৰে৷





    আৰু পঢ়িব পাৰিব : পথাৰৰ মাজত জুৱাৰ ঘাটি : আটক ৪টা জুৱাৰী…





    মূৰত আঘাতপ্ৰাপ্ত হোৱাৰ লগে লগে বিৰাজক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিয়া হয়৷ কিছু সুস্থ হৈ ঘৰলৈ অনাৰ পাছত পুনৰ অসুস্থ হোৱাত গুৱাহাটীৰে আন এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিছিল যদিও বৃহস্পতিবাৰে আবেলি মৃত্যু হয় আৰু আজি নিজ বাসগৃহত বিৰাজৰ মৃতদেহ অনাৰ লগতে এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে৷





    আৰু পঢ়িব পাৰিব : জো ডিমেঅ’ : জীৱনৰ ধূসৰতা আৰু উজ্জ্বলতাৰ অনুপম সমাহাৰ





    মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ বৰাই বিৰাজৰ আত্মীয় মহিলাক থানাত অভিযোগৰ বিষয়ে জানিবলৈ যাওঁতে বেয়া ব্যৱহাৰৰ কৰাৰ অভিযোগ উঠিছে৷ যাৰ বাবে আৰক্ষীল লগত বাকবিতণ্ডাৰ সৃষ্টি হয় যদিও অতিৰিক্ত আৰক্ষী শুভাশিস বৰুৱাই বিষয়াজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়াত পৰিস্থিতি কিছু সাম কাটে যদিও বৰ্তমানে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰি আছে৷ ইতিমধ্যে অভিযুক্ত ৰূপেশ্বৰ কোচক আৰক্ষীয়ে আটক কৰি জে’ললৈ প্ৰেৰণ কৰিছে৷