• যুৱক-আৰক্ষীৰ মাজত আক্ৰমণ : আহত ৯আৰক্ষী, গুলীবিদ্ধ ২যুৱক

    আঞ্চলিক
    যুৱক-আৰক্ষীৰ মাজত আক্ৰমণ : আহত ৯আৰক্ষী, গুলীবিদ্ধ ২যুৱক

    ডিফু : পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত দেওবাৰে নিশা প্ৰায় ১১ বজাত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়৷ খেৰণি আৰক্ষী থানাৰ অধীনস্থ জেংখা তহলদাৰী আৰক্ষীচকীত উদণ্ড যুৱকে তহলদাৰী আৰক্ষীচকীৰ আচবাব ভাঙি আক্ৰমণ চলায়৷





    আৰু পঢ়িব পাৰিব : যৌন নিৰ্যাতনৰ চেষ্টাত অভিযুক্ত আগশাৰী সংবাদ মাধ্যমৰ সাংবাদিক !





    এই আক্ৰমণত আৰক্ষী থানাৰ ৯গৰাকী আৰক্ষীৰ লোক আহত হয়৷ ইফালে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে চলোৱা গুলীচালনাত গুলীবিদ্ধ হয় দুজনকৈ ছাত্ৰ৷ ইযাৰে এজনৰ নাম ভীস্ম টেৰণ(১৫)আনজন মহেশ্বৰ ইংহি(১৯)৷ ভীস্ম টেৰণক ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে মহেশ্বৰ ইংহিক জিএমচিএইচলৈ প্ৰেৰণ কৰে৷





    জানিব পৰা মতে দেওবাৰে খেৰণিৰ জেংখাত অনুষ্ঠিত হৈছিল গাঁওৰক্ষী বাহিনীৰ ৭২সংখ্যাক প্ৰতিষ্ঠা দিৱস৷ এই দিৱসৰ সৈতে সংগতি ৰাখি সন্ধিয়াৰ পৰা অনুষ্ঠিত হৈছিল এক সাংস্কৃতিক অনুষ্ঠান আৰু এই অনুষ্ঠানত একাংশ যুৱকে উশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰাক লৈ কৰ্তব্যৰত আৰক্ষীয়ে দুজন যুৱকক আটক কৰি লৈ গৈছিল পহৰা আৰক্ষী চকীলৈ৷





    আৰু পঢ়িব পাৰিব : ৰাইজক মিছা সপোন দেখুৱাইছে মোদীয়ে: অসম প্ৰদেশ কংগ্ৰেছ





    ইয়াকে লৈ একাংশ লোকে আক্ৰমণ চলাই আৰক্ষীৰ পহৰা চকীত৷ পুৱাই পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলীত উপস্থিত হয়গৈ অসম আৰক্ষীৰ মধ্য সংমণ্ডলৰ ডিআইজি সত্যৰাজ হাজৰিকা আৰু লগতে উপস্থিত হয়গৈ জিলা আৰক্ষী অধীক্ষক ৰম’ণ্ডীপ কৌৰ৷