• যোৰহাটত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

    আঞ্চলিক
    যোৰহাটত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

    যোৰহাটঃ যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীয়ে আজি পুৰণিমাটিৰপৰা জব্দ কৰে অৰুণাচলী সুৰাভৰ্তি এখন ট্ৰাক। ট্ৰাকখনৰ জৰিয়তে এজন ব্যক্তিয়ে আমগুৰিলৈ আনিছিল এই অৰুণাচলী সুৰাখিনি।





    আৰু পঢ়িব পাৰিব: ক’ভিডে কাঢ়ি নিলে আন এগৰাকী তাৰকাক, শোকস্তব্ধ দেশ





    ট্ৰাকখনৰ চালকজনৰ নাম আলী হাছান বুলি জানিব পৰা গৈছে। অৰুণাচলৰ নাহৰলগুনৰপৰা অনা হৈছিল এই সুৰাখিনি। প্ৰায় ৯০০ কাৰ্টন অৰুণাচলী সুৰা আছিল ট্ৰাকখনত।





    আৰু পঢ়িব পাৰিব: কোকিলাৰ বজাৰত চুৰিকাণ্ডঃ আটক এজন





    জব্দকৃত সুৰাখিনিৰ মূল্য ১৫ৰ পৰা ১৮ লাখ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।বৰ্তমান পুলিবৰ আৰক্ষীৰ জিম্মাত সুৰাভৰ্তি ট্ৰাকখন।