• যোৰাবাটত জব্দ চোৰাং গৰু কঢ়িওৱা ট্ৰাক! আটক চালক

    আঞ্চলিক
    যোৰাবাটত জব্দ চোৰাং গৰু কঢ়িওৱা ট্ৰাক! আটক চালক

    গুৱাহাটী : বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত বাঢ়িছে ছিণ্ডিকেট চক্ৰৰ। উজনিৰ পৰা দৈনিক প্ৰায় ১৫ৰ পৰা ২০ খন চোৰাং গৰু কঢ়িওৱা ট্ৰাক সৰবৰাহ হৈ আছে মেঘালয়লৈ। উজনি অসমৰ কেইবাখনো আৰক্ষী থানা আৰু চেক পোষ্ট অতিক্ৰম কৰি নিৰ্বিঘ্নে মেঘালয়ত সৰবৰাহ হৈ আছে চোৰাং গৰু ভৰ্তি ট্ৰাক।





    আৰু পঢ়িব পাৰিব : ৰাজনীতিত ড° হিমন্ত বিশ্ব শৰ্মাৰ গুৰু মই- হাগ্ৰামা মহিলাৰী





    আজি যোৰাবাট আৰক্ষীয়ে নগাঁৱৰ ৰূপহীৰ পৰা মেঘালয় অভিমুখী এখন AS 01 HC 9583 নম্বৰৰ ১৮ টা গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলে সক্ষম হয় ৷ লগতে আটক কৰিবলৈ সক্ষম হয় চালকক।





    আৰু পঢ়িব পাৰিব : ধেমাজিত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পূৰ্বে নাচিলে হিমন্তই





    তথ্য অনুসৰি নগাঁৱৰ দুই দুধৰ্ষ গৰু চোৰ ৰাতুল আৰু চাইফুল চৌধুৰী আৰু গুৱাহাটী মহানগৰীৰ চাইফুল ইছলামৰ নেতৃত্বত উজনীৰ পৰা মেঘালয়লৈ সৰবৰাহ হৈ আছে গৰু ভৰ্ত্তি ট্ৰাকসমূহ।