• যৌন নিৰ্যাতনৰ অভিযোগ ফাৰ্মাচিষ্টৰ বিৰুদ্ধে, লপা-থপা স্থানীয় লোকৰ

    আঞ্চলিক

    ৰঙিয়া: মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ খবৰে ৰাজ্যৰ সংবাদ শিৰোনাম দখল কৰি আহিছে৷ যুৱতী-মহিলা তথা শিশুৰ বাবে সুৰক্ষিত নহয় অসম৷ ৰাজ্যত পুনৰ সংঘটিত হোৱা এটা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইবাৰ ৰঙিয়াত সংঘটিত হৈছে যৌননিৰ্যাতনৰ ঘটনা।

    দিন দুপৰতে চিকিৎসাৰ চলেৰে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলাওঁতে হাতে-লোটে ধৰা পৰিছে এজন ব্যক্তি। লম্পট লোকজন হৈছে তুলসীবাৰীৰ ফাৰ্মাচী এখনৰ স্বত্বাধিকাৰী খবিৰুদ্দিন আহমেদ। এগৰাকী অসুস্থ মহিলাক চিকিৎসাৰ চলেৰে যৌন নিৰ্যাতন চলোৱাৰ অপচেষ্টা চলাওঁতেই ৰাইজে কৰায়ত্ত কৰে লম্পটজনক।

    ক্ষুব্ধ ৰাইজে লপা-থপা দি তুলসীবাৰী আৰক্ষীক চমজাই দিয়ে। লোকজনৰ ফাৰ্মাচীখন বৈধ নহয় বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। ‘আছু’ আৰু ‘বেংগলী যুৱ-ফেডাৰেশ্যন’-এ দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক দাবী জনাইছে।

    Weather Forecast