• যৌন নিৰ্যাতনৰ চেষ্টাত অভিযুক্ত আগশাৰী সংবাদ মাধ্যমৰ সাংবাদিক !

    আঞ্চলিক
    যৌন নিৰ্যাতনৰ চেষ্টাত অভিযুক্ত আগশাৰী সংবাদ মাধ্যমৰ সাংবাদিক !

    তিনিচুকীয়া : সংবাদ জগতক কলুষিত কৰাৰ আন এক ঘটনা সংঘটিত হৈছে ডুমডুমাত। নিজকে অসমৰ এটা আগশাৰীৰ ব্যক্তিগত বৈদ্যুতিন সংবাদ মাধ্যমৰ ডুমডুমাৰ সাংবাদিক বুলি পৰিচয় দিয়া সুৰজিত চৌধুৰী ওৰফে মুন্না নামৰ যুৱকজনে ডুমডুমাৰ GNB পথৰ এগৰাকী মহিলাৰ গোপন অংগত হাত দি যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ কৰিছে এগৰাকী মহিলাই।





    আৰু পঢ়িব পাৰিব : একেখন ৰভাৰ তলত একেলগে বিয়াত বহিল ২২ যোৰা দৰা-কইনা





    জানিব পৰা মতে সুৰজিত চৌধুৰী নামৰ সাংবাদিক নামধাৰী এজন যুৱককে ডুমডুমা GNB পথৰ এগৰাকী ৩০ৰ ঊৰ্ধ্বৰ মহিলাক নিশা নিজ ঘৰতেই যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰে। সাংবাদিকগৰাকীৰ এনে কাৰ্যত হতভম্ব হৈ মহিলাগৰাকীয়ে বাধাপ্ৰদান কৰাৰ লগতে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ওলাই আহে। তেনে অৱস্থাত সাংবাদিকগৰাকীয়ে নিজকে সাংবাদিক বুলি পৰিচয় দিয়াৰ লগতে তেওঁৰ ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে কোনেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে বুলি দাবী-ধমকি কৰি ঘটনাস্থলীৰ পৰা পলায়ণ কৰে।





    আৰু পঢ়িব পাৰিব : ৰাইজক মিছা সপোন দেখুৱাইছে মোদীয়ে: অসম প্ৰদেশ কংগ্ৰেছ





    পৰৱৰ্তি সময়ত ভীতিগ্ৰস্থ মহিলাগৰাকীয়ে ডুমডুমা প্ৰেছ ক্লাবৰ লগতে ডুমডুমা মহিলা সমিতিক বিষয়টোৰ সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰি সাংবাদিকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান জনায়। এই সন্দৰ্ভত ডুমডুমা প্ৰেছ ক্লাবে প্ৰকাশ কৰিছে যে সুৰজিত চৌধুৰী ডুমডুমা প্ৰেছক্লাবৰ লগত জড়িত নহয় আৰু তেওঁ ক্লাবৰ সদস্যও নহয়।





    আৰু পঢ়িব পাৰিব : উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প





    উল্লেখ্য যে, অভিযুক্ত সুৰজিত চৌধুৰী ওৰফে মুন্নাই অসমৰ এটা আগশাৰীৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ ‘Logo’ লৈ ডুমডুমাত বাতৰি সংগ্ৰহ কৰা প্ৰায়ে দৃষ্টিগোচৰ হয়। সুৰজিত চৌধুৰীৰ ঘৃণনীয় কাণ্ডই সংবাদ জগতৰ পবিত্ৰ সেৱাক পুনৰ এবাৰ কলংকিত কৰা ঘটনাত সাংবাদিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।