Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
নগাঁও : কলিয়াবৰৰ শিলঘাট-শেনচোৱা গাঁৱত যৌন নিৰ্যাতনৰ বলি এগৰাকী সপ্তম শ্ৰেণী ছাত্ৰী৷ জানিব পৰা মতে, জানমণি বৰা নামৰ বালিটিকা গাঁৱৰ এজন বিবাহিত লোকে ১৩ বছৰীয়া কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়। ফলত এটা সন্তানৰ জন্ম দিয়ে কিশোৰীগৰাকীয়ে। সমাজৰ লাঞ্ছনাৰ পৰা ৰক্ষা পাবলৈ নিজ ঘৰৰ চৌহদত কিশোৰীগৰাকীৰ পৰিয়ালে পুতি থলে নৱজাতকক।
আৰু পঢ়িব পাৰিব : আইএনএছ বিৰাটে পাব নতুন ৰূপ! বিনষ্ট কৰাত বাধা উচ্চতম ন্যায়ালয়ৰ
এই চাঞ্চল্যকৰ ঘটনাটো বুধবাৰে পোহৰলৈ আহে৷ প্ৰাপ্ত তথ্য অনুসৰি শিলঘাট আৰক্ষী চকীৰ অন্তৰ্গত শেনচোৱা গাঁৱৰ সমীপৰে বালিটিকা গাঁৱৰ জানমণি বৰাৰ সৈতে ভুক্তভোগী পৰিয়ালটোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। জানমণি বৰাৰ ঘৰত থকা ব্ৰইলাৰ ফাৰ্মলৈ প্ৰায়েই অহা-যোৱা আছিল শেনচোৱা গাঁৱৰ কিশোৰীগৰাকীৰ। এই সুযোগতে এটি সন্তানৰ পিতৃ লম্পট জানমণি বৰাই কিশোৰীগৰাকীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী কৰে ১৩ বছৰীয়া কিশোৰীগৰাকীক।
আৰু পঢ়িব পাৰিব : মিজো দুৰ্বৃত্তই জ্বলালে অসমীয়াৰ ৫৪টাকৈ ঘৰ, সীমান্তত উত্তেজনা
ভুক্তভোগী কিশোৰীগৰাকীৰ শাৰীৰিক পৰিৱৰ্তন প্ৰত্যক্ষ কৰি গাঁৱৰ লোকে বিভিন্ন প্ৰশ্ন কৰি আহিছিল পৰিয়ালটোক। অন্য বেমাৰৰ নাম দি ঘটনাটো গাপ দি আহিছিল কিশোৰীগৰাকীৰ পৰিয়ালটোৱে। কিন্তু, শেনচোৱা গাঁৱৰ ৰাইজে প্ৰকৃত ঘটনাটো পোহৰলৈ আনি লম্পট জানমণি বৰাক গাঁৱৰ ৰাইজে আটক কৰি চমজাই দিয়ে আৰক্ষীক। আনহাতে, কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মাটিত পুতি থোৱা নৱজাতকৰ মৃতদেহ খান্দি উলিয়ায়।
Leave A Comment