• লকআপেই ঠিকনা, বাতিল হ’ল ড্ৰাইভিং লাইচেঞ্চো; সলনি হৈছে ৰাজকন্যাৰ ভাগ্যদশা

    আঞ্চলিক
    লকআপেই ঠিকনা, বাতিল হ’ল ড্ৰাইভিং লাইচেঞ্চো; সলনি হৈছে ৰাজকন্যাৰ ভাগ্যদশা

    ডিজিটেল ডেস্ক : ৰাজপথত সন্ত্ৰাস সৃষ্টিৰ ইটোৰ পাছত সিটো নজিৰ সৃষ্টি কৰা ৰাজকন্যা বৰুৱাৰ দিন এতিয়া উকলিল। এইবাৰ মহা প্ৰভাৱশালী ৰাজকন্যাক সাৰি যোৱাৰ বাট বন্ধ কৰাৰ চেষ্টা কৰা হৈছে। হাস্পতালৰ বিছনাৰ পৰা পোনে পোনে থানাৰ লকআপ পোৱা ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে জাপি দিয়া হৈছে কঠোৰ ধাৰা। বুধবাৰৰ পৰা দিছপুৰ আৰক্ষীৰ জিম্মাত কটোৱা ৰাজকন্যাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বৃদ্ধি কৰা হৈছে।









    পুনৰ এদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে বিতৰ্কিত ৰাজকন্যাক৷ আজি তেওঁৰ জামিন আৱেদন নাকচ কৰে চিজেএম আদালতে৷ ইফালে, ৰাজপথত সুৰামত্ত হৈ গাড়ী চলাই সন্ত্ৰাস সৃষ্টি কৰা ৰাজকন্যা বৰুৱাৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ পৰিবহন বিভাগক জব্দ কৰি বাতিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। আৰক্ষীৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজকন্যা বৰুৱাৰ ড্ৰাইভিং লাইচেন্স বাতিল কৰিলে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে। অৰ্থাৎ এতিয়াৰ পৰা আৰু তেওঁৰ ঘাতক বাহনে ৰাজপথত সন্ত্ৰাস চলাব নোৱাৰিব।









    উল্লেখ্য যে, এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ অনুগ্ৰহত অসুস্থতাৰ অজুহাতেৰে তেওঁ আইচিইউত চিকিৎসাধীন হৈ আছিল যদিও শেষ ৰক্ষা নহ’ল। এতিয়া আদালতে তেওঁক কি শাস্তিৰে দণ্ডিত কৰে তাৰ বাবে ন্যায়কাংক্ষী মহলে বাট চাইছে। উল্লেখ্য যে, কেৱল এইবাৰেই নহয় ২০১৫, ২০১৭ আৰু ২০১৮ চনতো মদ খাই মাতলামি কৰিছিল ৰাজকন্যাই। এগৰাকী প্ৰাক্তন বিধায়ক পুত্ৰকে ধৰি একাধিক লোকৰ প্ৰাণ নাশৰ চেষ্টা কৰিছিল গাড়ীৰে খুন্দিয়াই। কিন্তু প্ৰত্যেকবাৰেই তেওঁ সাৰি গৈছিল আৰক্ষীৰ দায়িত্বহীনতাৰ বাবে। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপে যেন ভাগ্যদশা সলনি কৰিলে ৰাজকন্যা বৰুৱাৰ। এইবাৰ তেওঁ কাৰাগাৰৰ আলহী হোৱাটো হৈ পৰিছে নিশ্চিত।