• লকডাউনত কিমান অসমীয়াই ল’লে আত্মহত্যাৰ পথ... তথ্য লুকুৱাৰ অভিযোগ!

    আঞ্চলিক
    লকডাউনত কিমান অসমীয়াই ল’লে আত্মহত্যাৰ পথ... তথ্য লুকুৱাৰ অভিযোগ!

    ডিজিটেল ডেস্কঃ যোৱা ২ টা বছৰে ক’ৰোনা বিভেষিকাই মানৱ সভ্যতাৰ ৰাজহাড় ডাল ভাঙি থৈ গ’ল বুলি কলেও বঢ়াই কোৱা নহব৷ ক’ৰনাৰ কড়াল গ্ৰাসত পৰি মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱাৰ দৰে মানুহে দুবেলা-দুমুঠি খাবৰ বাবেও কৰিব লগা হল আৰ্তনাদ৷ দেশৰ প্ৰধানমন্ত্ৰীজনে অপৰিকল্পিতভাৱে এক হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিলে সমগ্ৰ দেশজুৰি প্ৰযোজ্য হ’ব এক তলাবন্ধ বা লকডাউনত কাৰ্যসূচী৷





    বিশেষকৈ দেশৰ মুৰব্বী গৰাকীয়ে দৰিদ্ৰ শ্ৰেণীটোৰ কথা এবাৰো নাভাবি গ্ৰহণ কৰা এনে সিদ্ধান্তৰ প্ৰতি সকলো লোকে একেমুখে গৰিহণা জনালে৷ লকডাউনত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰীসমূহ দেশৰ জনসাধাৰণে কেনেকৈ লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি কেৱল তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও আহি পৰিল বৃহৎ প্ৰত্যাহ্বান।





    ক্ষুদ্ৰ বিক্ৰেতা, কৃষি শ্ৰমিক সকলোৱে হেৰুৱাই পেলালে জীৱনৰ ছন্দ । ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পিছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নাছিল। লকডাউন ঘোষণাৰ ঠিক পাছতে ২৬ মাৰ্চৰ দিনা বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা সাহায্যত আৰ্তজনক উদ্ধাৰৰ চেষ্টা এনেধৰণৰঃ তিনিমাহৰ বাবে ব্যক্তিয়ে প্ৰতি ৫ কিলোগ্ৰাম গম বা চাউল পাব, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি ইতিমধ্যে ধাৰ্য কৰা ৫ কিলোগ্ৰামৰ সৈতে এয়া যোগ হ’ব। ইয়াতে এইখিনি কথা স্পষ্ট নহয় যে আগেয়ে দিয়া ৫ কি.গ্ৰা. বিনামূলীয়া হ’ব নে সেয়া ক্ৰয় কৰিব লাগিব। যদি সেইখিনি কিনিব লাগে তেন্তে সেয়া অনৰ্থক হ’ব, গতিকে ইয়াৰ পৰাই বুজিব পৰা যায় যে, দেশৰ দৰিদ্ৰ জনসাধাৰণৰ প্ৰতি চৰকাৰৰ সদিচ্ছা কিমান?






    অন্যান্য ৰাজ্য, দেশৰ দৰেই অসম ৰাজ্যৰো কৃষক শ্ৰেণী আৰু হাজিৰা কৰি দিন কটোৱা শ্ৰেণীটোৱে অন্ন, বস্ত্ৰ, বাসস্থানৰ সামান্যতম সুবিধা নোপোৱাত ‘পানীত হাঁহ নচৰা অৱস্থা’ৰ সৃষ্টি হৈছে৷ লকডাউনৰ সময়ছোৱাত টকা-পইচাৰ অভাৱত উপায়ন্তৰ হৈ আত্মহত্যাৰ দৰে ঘটনাও অসমত সংঘটিত হৈছে৷ ক’ভিডৰ পৰৱৰ্তী পৰ্যায়তো অসম চৰকাৰে ক’ভিডকালীন পৰিস্থিতিৰ পৰা কিমান দূৰ উদ্ধাৰ হ’ব পাৰিলে, তাক লৈও এতিয়া বিভিন্নজনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে৷ শেহতীয়াকৈ কংগ্ৰেছৰ সাংসদ আব্দুল খালেক হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ ভয়ংকৰ অভিযোগ৷





    অভিযোগ সমূহ এনেধৰণৰ যে- ক’ভিডজনিত পৰিস্থিতিৰ ফলত ৰাজ্যখনত কিমান লোকৰ মৃত্যু হ’ল, অসম আৰোগ্য নিধিৰ পুঁজি ক’ত খৰচ হ’ল, পি পি ই কিট, অস্থায়ী চিকিৎসালয় নিৰ্মাণৰ সমস্ত ঠিকা-ঠুকলি কোন কোন ব্যৱসায়িক গতাই দিয়া হ’ল, এই তথ্য সমূহ ৰাজহুৱা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ সাংসদগৰাকীয়ে৷ ক’ভিডজনিত বিভিন্ন তথ্য-পাতি গুজৰাট চৰকাৰৰ দৰে অসম চৰকাৰেও লুকুৱাই ৰাখিছে বুলি খালেকে আজি সংবাদ মেলত উত্থাপন কৰিছে, লগতে তেওঁ ক’য় যে, সেই সময়তো বৰ্তমান কথাই প্ৰতি দম্ভালি মাৰি খকা মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত স্বাস্থ্য মন্ত্ৰী আছিল গতিকে ক’ভিডৰ কালছোৱাত হোৱা সেই অনিয়মসমূহ তথ্য ৰাজহুৱা কৰিব পাৰিবনে? আনকি ক’ভিডজনিত পৰিস্থিতিৰ বাবে অসমত ৩,২৪৩ জন লোকে আত্মহত্যাৰ পথ বাছি ল২লে সেইয়াও ৰাজ্য চৰকাৰৰ পৰা প্ৰকাশ নাপালে বুলি খালেকে অভিযোগ কৰিছে৷