comScore
  • লখিমপুৰতো বৃদ্ধি এইডছ আক্ৰান্ত: যৌনকৰ্মীৰ পৰাই সংক্ৰমণ বৃদ্ধিৰ সম্ভাৱনা

    আঞ্চলিক
    লখিমপুৰতো বৃদ্ধি এইডছ আক্ৰান্ত: যৌনকৰ্মীৰ পৰাই সংক্ৰমণ বৃদ্ধিৰ সম্ভাৱনা

    লখিমপুৰ: নগাঁও আৰু মৰিগাঁৱৰ সমান্তৰালভাৱে লখিমপুৰতো বৃদ্ধি পাইছে এইডছ আক্ৰান্ত লোকৰ সংখ্যা৷ জিলাখনত বৰ্তমানলৈকে আক্ৰান্তৰ সংখ্যা হৈছে ৮১জনকৈ লোক৷ আক্ৰান্তৰ সংখ্য ৮১গৰাকীৰ ভিতৰত ইতিমধ্যেই মৃত্যু হৈছে ৯জন লোকৰ। বৰ্তমানলৈকে চিকিৎসাধীন অৱস্থাত আছে ৭৭গৰাকী এইডছ আক্ৰান্ত লোক৷





    আক্ৰান্ত লোকসকলক বিগত তিনি বছৰৰ পৰা সাত বছৰৰ ভিতৰত এইচআইভি পজিটিভ বুলি চিনাক্ত কৰি লখিমপুৰ বিভাগৰ পৰা ৰোগীৰ ঘৰতে চিকিৎসা কৰি থকা হৈছে যদিও চলিত বৰ্ষৰ এপ্ৰিল-মাৰ্চত দুজন লোকক নতুনকৈ চিনাক্ত কৰা হৈছে লখিমপুৰত৷ মূলতঃ শাৰীৰিক সম্পৰ্কৰ পৰাই জিলাখনত ভয়াৱহ ৰূপত এইডছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰিছে লখিমপুৰৰ এইডছ নিয়ন্ত্ৰণ পৰিষদে৷





    চৰকাৰী তথ্য অনুসৰি ৩০৬গৰাকী যৌনকৰ্মী জিলাখনত থকা বুলি প্ৰকাশ কৰা হৈছে যদিও বেচৰকাৰী তথ্য অনুসৰি এই সংখ্যা হ’ব হাজাৰৰো অধিক৷ এই যৌনকৰ্মীসকলৰ পৰাই সম্ভৱতঃ জিলাখনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইডছ আক্ৰান্তৰ সংখ্যা৷





    এইডছ আক্ৰান্ত লোকসকলৰ স্বাস্থ্যগত দিশত সুস্থিৰ বুলি প্ৰকাশ কৰিছে এইডছ নিয়ন্ত্ৰণ সমিতিয়ে৷ চিকিৎসাৰ দ্বাৰাই এইডছ আক্ৰান্ত ৰোগীক নিৰাময় কৰি সুস্থ কৰিব পাৰি যদিও এনে প্ৰেক্ষাপটত লখিমপুৰীয়া জনসাধাৰণ সজাগ আৰু সচেতন নহয়, তেনেহ’লে এইডছৰ সংক্ৰমণে অধিক গ্ৰাসত পেলাব ইয়াক নুই কৰিব নোৱাৰি।


    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam online