• লজ্জানত : শিক্ষকৰ কামনাৰ বলি হ'ল ৯বছৰীয়া নাবালিকা

    আঞ্চলিক

    বাকসা : সভ্য সমাজক লজ্জানত কৰা এক ঘটনাই জোকাৰি গৈছে সমগ্ৰ বাকসা জিলা। এগৰাকী ৯ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলায় চলাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় লম্পট এগৰাকী শিক্ষক। নাবালিকা‌গৰাকীক যৌন নিৰ্যাতন চলোৱা সম্পূৰ্ণ ভিডিঅ মোবাইলত বন্দী হোৱাত শিক্ষকগৰাকীৰ কাহিনী ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ৷ বাকসাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পলাচগুৰিৰ মানিক চন্দ্ৰ নাথ নামৰ লম্পট শিক্ষকগৰাকীয়ে এনে জঘন্য কাৰ্য সংঘটিত কৰে৷

    ঘটনাৰ বিৱৰণী অনুসৰি, ঘৰত নাবালিকাগৰাকী অকলে থকাৰ সুযোগ বুজি লম্পট শিক্ষকজন সোমাই আহিছিল ছাত্ৰীগৰাকীৰ ঘৰৰ ভিতৰত ৷ চতুৰ নাবালিকা গৰাকীয়ে মোবাইল কেমেৰা বিচনাৰ ওপৰত ফিটিং কৰি থৈছিল ৷ আৰু নাবালিকাগৰাকীক আহি যৌন নিৰ্যাতন কৰা আৰম্ভ কৰে।

    শিক্ষকগৰাকীৰ অপকৰ্মৰ সমগ্ৰ দৃশ্য বন্দী হয় মোবাইল কেমেৰাত ৷ পাছত পিতৃ - মাতৃ ঘৰলৈ অহাত সকল কথা বিৱৰি কৈ মোবাইলৰ ভিডিঅ'টো পিতৃ মাতৃক দেখুৱাই ৷ মুছলপুৰ আৰক্ষী থানাত লম্পট শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পিতৃ-মাতৃয়ে৷ ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লম্পট শিক্ষক মানিক চন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    Weather Forecast