• লজ্জানত: শিক্ষকৰ কামনাৰ বলি ১০ বছৰীয়া কিশোৰী

    আঞ্চলিক
    লজ্জানত:  শিক্ষকৰ কামনাৰ বলি ১০ বছৰীয়া কিশোৰী

    ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হয়। শিক্ষকৰ কামনাৰ বলি ১০ বছৰীয়া কিশোৰী। আৰক্ষীৰ জালত ধর্ষণকাৰী শিক্ষক হাচেম আলী। গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পিয়াজবাৰীত এই জঘন্য ঘটনা সংঘটিত হয়।





    লম্পট শিক্ষক হাচেম অলিয়ে ১০ বছৰীয়া ছাত্ৰীগৰাকীক ঘৰৰ আচবাব দেখুৱাবলৈ ঘৰত মাতি আনি সংগঠিত কৰিছিল এই জঘন্য কাণ্ড৷ ছাত্ৰীগৰাকীৰ চিঞৰ বাখৰ শুনি ছাত্ৰী গৰাকীৰ পৰিয়াল তথা গাওঁ বাসীয়ে হাতেলোতে আটক কৰে শিক্ষক হাচেম আলীক। পিয়াজবাৰী এম ই স্কুলৰ সহযোগী শিক্ষক হাচেম আলি। গৌৰীপুৰ আৰক্ষীয়ে 991/2021 U/S 342 /376/ (AB)/ 511 ipc R/W ৰ অধীনত pocso ধৰাত গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।