• লুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন...

    আঞ্চলিক
    লুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন...

    ডিব্ৰুগড় : অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাই অঞ্চলবাসীয়ে৷ ঘৰে ঘৰে বন্তি জ্বলাই আৰোগ্য কামনা চাচনী, দেওঘৰীয়া তথা শুকানীগাঁৱৰ ৰাইজৰ৷





    আৰু পঢ়িব পাৰিব : ১ কোটি ২০ লাখ ৰোগীয়ে ভুগিছে ক’ভিডৰ যান্ত্ৰনা !





    সোমবাৰে হঠাতে অসুস্থ হৈ পৰা 'অজাপ'ৰ প্ৰাৰ্থী লুৰিণৰ মাতৃ বৰ্তমান ডিব্ৰুগড়ৰ চিকিত্সালয়ত ভৰ্তি হৈ আছে৷ ইয়াৰ পাছতে বিভিন্নজনে লুৰিণৰ মাতৃৰ সোনকালে সুস্থ হৈ উঠাৰ কামনা কৰাৰ লগতে চাকি-বন্তি জনাই প্ৰাৰ্থনা কৰে৷





    আৰু পঢ়িব পাৰিব : হত্যা নে দুৰ্ঘটনা! পূৰ্বজ্যোতি চুতীয়াৰ মৃত্যুক লৈ আৰক্ষীৰ হাতত নতুন তথ্য





    মাতৃৰ অসুস্থতাৰ বাবে সোমবাৰে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা লুৰিণজ্যোতিয়ে সকলো নিৰ্বাচনী কাৰ্যসূচী বাতিল কৰে৷ ততাতিয়াকৈ মাতৃৰ কাষত উপস্থিত হয় নেতাগৰাকী৷