• শিপিনীৰ ধন আত্মসাৎ ২ চৰকাৰী বিষয়াৰ

    আঞ্চলিক
    শিপিনীৰ ধন আত্মসাৎ ২ চৰকাৰী বিষয়াৰ

    গোৱালপাৰাঃ গোৱালপাৰাৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈছে। শিপিনীসকলক অৰ্থনৈতিকভাৱে সবল কৰাৰ বাবে সাহায্য প্ৰদান কৰাৰ নামত সংঘটিত কৰিছে এই বিয়াগোম কেলেংকাৰি। প্ৰায় ৪৯ লাখ টকাৰে ১৬৩গৰাকী শিপিনীক সাহায্য প্ৰদান কৰাৰ নামত সমষ্ট ধন আত্মসাৎ বিভাগটোৰ গোৱালপাৰা জিলা কাৰ্যালয়ৰ দুগৰাকী বিষয়াৰ।





    কাৰ্যালয়টোৰ সহকাৰী সঞ্চালক মিজানুৰ ৰহমান আৰু পৰিদৰ্শক বলোৰাম নাথে শিপিনীসকলক সাহায্য বিতৰণৰ ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰি আত্মসাৎ কৰিছে সমষ্ট ধন। জিলাখনৰ ১৬৩গৰাকী শিপিনীৰ প্ৰতিগৰাকীলৈ তাঁতশালৰ সৈতে নগদ ধনসহ ৩০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ নামত সংঘটিত কৰিছে এই বিয়াগোম কেলেংকাৰি।





    জিলাখনৰ দুধনৈ বিধানসভা সমষ্টিৰ একাংশ শিপিনীলৈ এই সাহায্য আগবঢ়োৱাৰ নামত বিভাগটোৱে প্ৰদান কৰিছে কেইখনমান পঁচা কাঠৰ তাঁতশাল। নগদ পাঁচ হাজাৰ টকা একাউণ্টত সুমুৱাই দিয়াৰ নথি-পত্ৰ প্ৰস্তুত কৰি আজি দুবছৰলৈ প্ৰদান কৰা নাই ধন। শিপিনীসকল বেংকলৈ তাঁত-বাতি কৰিছে যদিও লাভ কৰা নাই ধন। গোৱালপাৰাৰ পূব, গোৱালপাৰা পশ্চিম আৰু জলেশ্বৰ বিধানসভা সমষ্টিৰ শিপিনীসকলে লাভ নকৰিলে কোনোধৰণৰ সাহায্য।