• শিমলুগুৰিত বিদ্যুতৰ খুঁটাৰ ৰূপত বাঁহ-জীৱন্ত গছ

    আঞ্চলিক
    শিমলুগুৰিত বিদ্যুতৰ খুঁটাৰ ৰূপত বাঁহ-জীৱন্ত গছ

    ভেৰগাঁওঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান যেন এতিয়া গ্ৰামাঞ্চলত অসাৰ হৈ পৰিছে৷ ৰাজ্য চৰকাৰে বিকাশৰ শ্লোগান আওৰালেও গ্ৰামাঞ্চলসমূহৰ জৰাজীৰ্ণ অৱস্থাই ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দাঙি ধৰিছে৷ আজিও ৰাজ্যৰ বহু গাঁৱত বিদ্যুৎ ব্যৱস্থাৰ শোচনীয় অৱস্থা৷ বহু গাঁৱত আজিও বাঁহৰখুঁটা , জীৱন্ত গছেৰে বিপদসংকুলভাৱে বিদ্যুৎ সংযোগ কৰি অহা দেখিবলৈ পোৱা গৈছে।





    আৰু পঢ়িব পাৰিব : কোন ৰাষ্ট্ৰৰ সৈতে ভাৰতে কৰিলে ৫০ মিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা চুক্তি ?





    ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ পাণেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শিমলুগুৰি গাঁৱত এতিয়াও বাঁহৰ খুঁটা, গছেৰে পাৰ কৰা হৈছে বিদ্যুতৰ তাঁৰ। দীৰ্ঘদিন স্থানীয় জনপ্ৰতিনিধিসকলক অনুনয়-বিনুনয় কৰিও শিমলুগুৰিৰ ৰাইজে বিদ্যুতৰ পকী খুঁটা কেইটা পাবলৈ সক্ষম নহ’ল৷ প্ৰতিটো নিৰ্বাচনতে ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল গাঁওখনলৈ গৈ ৰাইজৰ এই দুৰ্দশাক লৈ ঘৰিয়ালৰ চকুপানী টুকি ভোটভিক্ষা কৰে যদিও নিৰ্বাচনৰ পাছত সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয় ৷





    আৰু পঢ়িব পাৰিব : ৪জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে ব্যৱসায়িক : ঘটনাস্থলীত উদ্ধাৰ খালী মেগজিন…





    নিৰ্বাচন আহিলে গাঁওবাসীয়ে নিয়মমাফিক ভোট দি আহিছে যদিওঁ নিৰ্বাচনক লৈ যেন কোনো আগ্ৰহ নাই সাধাৰণ লোকৰ ৷ সেয়ে সমাগত নিৰ্বাচনত শিমলুগুৰিবাসীয়ে জনপ্ৰতিনিধিসকলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে৷