Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
ডিজিটেল ডেস্ক:কিমান ভয়ংকৰ হ’ব পাৰে অনলাইন গেমৰ আসক্তি।এই আসক্তিয়ে এটি কিশোৰক কি পৰ্যায়লৈ নিব পাৰে? আপুনি নিশ্চয় শুনিছে অনলাইন গেম আসক্তিৰ বাবে মানসিক ভাৰসাম্য হেৰুওৱা আনকি আত্মহত্যা কৰা কিশোৰৰ কথা। দুটা বছৰ পূৰ্বে ব্লু হুৱেল গেম খেলি বিশ্বৰ ভিন্ন প্ৰান্তৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে আত্মহত্যা কৰিছিল। বিভিন্ন দেশত নিষিদ্ধ হৈছিল খেলবিধ। এয়াই অনলাইন গেমৰ আসক্তি আৰু তাৰ পৰিণাম।
যি নহওঁক, শেহতীয়াকৈ শিৱসাগৰত মোবাইল আসক্ত কিশোৰে সংঘটিত কৰিছে এক ভয়ানক কাণ্ড।পাবজি সদৃশ মোবাইল গেম খেলিবলৈ এক নাবালকে তিনিগৰাকী সতীৰ্থৰ সহযোগত নিজ মাতৃৰ বেংক একাউণ্টৰ পৰা অতি কৌশলেৰে সৰকায় ১৯ লাখ টকা। উল্লেখ্য যে উক্ত মহিলাগৰাকীৰ নাম ৰুমী চুতীয়া দত্ত। জিতু দত্তৰ পত্নী ৰুমি চেতিয়া দত্তৰ আই চি আই চি আই বেংকৰ ০৬২১০১৫০৩৮০৫ নম্বৰৰ একাউণ্টৰ পৰা নাবালক পুত্ৰই তিনি সতীৰ্থৰ সহযোগত সৰকই নিয়ে উক্ত বৃহৎ ধনৰাশি।
ইতিমধ্যেই সদৰ থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে। ১১১৪/২১ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ আই পি চি ৪২০/৪০৬ ধাৰাৰ অধীনত অভিযুক্ত চাৰিওজনক আটক কৰা হৈছে।অমাৰ হাতত পৰা খবৰ অনুসৰি অভিযুক্তসকলৰ এজনৰ নাম নিপুৰাজ গগৈ। তেওঁৰ বয়স ২০ বছৰ আৰু ঘৰ শিৱসাগৰৰ মেটেকাঘাট ৰংচলীয়া গাঁওত।
যি নহওঁক, এই ঘটনাই অনলাইন গেম আসক্তিৰ ভয়ানক দিশটোকেই পুনৰবাৰ উদঙাই দিছে।
Leave A Comment