• শ্বহীদ ছেম ষ্টেফৰ্ডৰ মাতৃৰ কাষত বিধায়ক অখিল গগৈ

    আঞ্চলিক
    শ্বহীদ ছেম ষ্টেফৰ্ডৰ মাতৃৰ কাষত বিধায়ক অখিল গগৈ

    গুৱাহাটীঃ অখিল গগৈক ‘নিয়া’ৰ বিশেষ আদালতে বৃহস্পতিবাৰে সকলো গোচৰৰপৰা মুক্ত কৰাৰ পাছতেই ‘কা’ আন্দোলনত শ্বহীদ হোৱা ছেম ষ্টেফৰ্ডৰ ঘৰত গৈ উপস্থিত হৈছে তেওঁ। উপস্থিত হৈ শ্বহীদগৰাকীৰ অসুস্থ মাতৃৰ খবৰ ল’লে গগৈয়ে।





    লগতে মাতৃক আশ্বাস প্ৰদান কৰিছে যে, আইনী যুঁজৰ সকলো খৰছ বহন কৰিব শিৱসাগৰৰ বিধায়কগৰাকীয়ে। ইফালে সাংবাদিকক দিয়া ভাষ্য অনুসৰি শ্বহীদগৰাকীয়ে ন্যায় পাবৰ বাবে যুঁজি যাব অখিলে। পত্নীৰ পৰা কিছু টকা ধাৰলৈ লৈ আজি শ্বহীদৰ মাতৃগৰাকীৰ চিকিৎসাৰ বাবে প্ৰদান কৰিছে তেওঁ।





    পৰৱৰ্তী পৰ্যায়ত ৰোগীয়া মাতৃগৰাকীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব ‘ৰাইজৰ দল’ৰ সভাপতিগৰাকীয়ে।