• শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ কনকলতা বঁটা

    আঞ্চলিক
    শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তলৈ কনকলতা বঁটা

    ভেৰগাঁওঃ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ঐতিহাসিক বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ ,কালীচৰণ ব্ৰহ্ম বঁটা প্ৰাপক, বিশিষ্ট বৈপ্লৱিক সমাজ সংস্কাৰক, বৈষ্ণৱ সংস্কৃতিৰ সাধক, হৰেকৃষ্ণ মহন্তক সদৌ অসম কেওট জাতীয় পৰিষদে প্ৰথমবাৰৰ ‘বীৰাংগণা কনকলতা বঁটা’ সোমবাৰে প্ৰদান কৰে। ঐতিহাসিক বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ বাকৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সোমবাৰে এই বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তই ওদালগুৰি জিলাৰ ঐতিহাসিক বৰঙাজুলিত সাতটা দশকৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰতিষ্ঠা কৰি সামাজিক সংস্কাৰ আৰু মহাপুৰুষ গুৰু দুজনাৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ আদৰ্শ প্ৰচাৰ কৰি সমগ্ৰ অসমৰে দৃষ্টিআকৰ্ষণ কৰিবলৈ সক্ষম হয়।





    আৰু পঢ়িব পাৰিব :ভয়ংকৰ বাছ দুৰ্ঘটনা : থিতাতে নিহত ৩৫জন





    নিজৰ একক প্ৰচেষ্টাৰে বিভিন্ন জনজাতি অঞ্চলত সত্ৰ প্ৰতিষ্ঠা কৰি জনজাতীয় সকলৰ মাজত মহাপুৰুষ দুজনাৰ আদৰ্শ প্ৰতিষ্ঠা কৰি সকলো ভেদাভেদ অস্পৃশ্যতা দূৰ কৰি সমাজ সংস্কাৰৰ বৈপ্লৱিক জোৱাৰ আনিবলৈ সক্ষম হৈছে। নামনি অসমৰ জিলাসমূহৰ জনজাতি অধ্যুষিত বিভিন্ন অঞ্চলত এই পৰ্যন্ত ডেৰ কুৰিৰো অধিক গুৰু জনাৰ আদৰ্শৰ সত্ৰ প্ৰতিষ্ঠা কৰি অসমীয়া জাতিৰ মূল সুঁতিৰ লগত সংযোজিত কৰিছে। সমাজৰ জাতিভেদ প্ৰথা উচ্চ-নীচ ঘৃণা ভেদভাব দূৰ কৰাত সত্ৰাধিকাৰগৰাকীৰ ঐকান্তিক প্ৰচেষ্টাই বিভিন্ন জনজাতীয় সমাজত অভূতপূৰ্বভাৱে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। এনে এগৰাকী বিপ্লৱী সমাজ সংস্কাৰক স্বীকৃতি প্ৰদান কৰি সদৌ অসম কেওট জাতীয় পৰিষদে তেওঁলৈ ‘বীৰাংগণা কনকলতা বঁটা’ আগবঢ়ায় । ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ বলিদান দি অমৰ স্বহীদ হোৱা বীৰাংগণা কনকলতা বৰুৱা অসমৰ সৰ্বাধিক জনসংখ্যা থকা ভূমিপুত্ৰ কেওট জনগোষ্ঠীৰ হোৱাৰ বাবে জাতিটোয়ে সদায় গৌৰৱ অনুভৱ কৰি আহিছে। সেয়ে জাতিটোৰ সৰ্ববৃহৎ সংগঠন সদৌ অসম কেওট জাতীয় পৰিষদে বীৰাংগণা গৰাকীৰ স্মৃতিত সমাজৰ বিভিন্ন ক্ষেত্ৰত বৈপ্লৱিক কামেৰে উজ্জৃৱিত ৰাজ্য খনৰ এজন লোকক প্ৰতিবছৰে এই বঁটা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।





    আৰু পঢ়িব পাৰিব :বহু প্ৰত্যাক্ষিত অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ঘোষণা





    সোমবাৰে সত্ৰখনৰ বাকৰিত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গামোচা, চেলেং শৰাই সম্বৰ্ধনা প্ৰত্ৰ, স্মাৰক আৰু নগদ ধন সম্বলিত এই বঁটা প্ৰদান কৰে সদৌ অসম কেওট জাতীয় পৰিষদৰ প্ৰধান সম্পাদক পংকজ শইকীয়া, সম্পাদকদ্বয় নীলমণি বৰা, দিলীপ বৰা, কাৰ্যকৰী সদস্য বসন্ত বৰা , সদৌ অসম কেওট জাতীয় পৰিষদৰ ওদালগুৰি , নলবাৰী ,তামোপুৰ জিলাৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়া সকলে। ওদালগুৰি জিলাৰ কেওট জাতীয় পৰিষদৰ সভাপতি যাদৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত বঁটা প্ৰদান কৰি সদৌ অসম কেওট জাতীয় পৰিষদৰ প্ৰধান সম্পাদক গৰাকীয়ে এই বঁটা দিবলৈ পায় আজি সমগ্ৰ অসমৰে ভুমিপুত্ৰ কেওট জাতি গৌৰৱাম্বিত বুলি অভিহিত কৰে। তেওঁ সত্ৰাধিকাৰ গৰাকীক অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদা ন কৰিবলৈ পৰিষদৰ তৰফৰৰ পৰা চৰকাৰক আহবান জনায়। বঁটা আৰু সম্বৰ্ধনা গ্ৰহণ কৰি ৯৭ বছৰীয়া সত্ৰাধিকাৰ গৰাকীয়ে ৰাইজৰ এই স্বীকৃতিয়ে তেওঁ তেওঁক এই বয়সতো সমান উদ্যমেৰে সমাজৰ কাম কৰি যাবলৈ সাহস আৰু অনুপ্ৰেৰণা যোগাইছে বুলি মন্তব্য কৰে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor