• সংগীতজ্ঞ কুল বৰুৱাৰ দেহাৱসান শিলপুখুৰীত...

    আঞ্চলিক
    সংগীতজ্ঞ কুল বৰুৱাৰ দেহাৱসান শিলপুখুৰীত...

    গুৱাহাটী : অসমৰ সংগীত জগতৰ বাবে আন এক দু-খবৰ! বিশিষ্ট গায়ক, সংগীতজ্ঞ তথা সংগীত পৰিচালক কুল বৰুৱা শিলপুখুৰীস্থিত নিজ বাসভৱনত বুধবাৰে নিশা ১২বজাত উচ্চ-ৰক্তচাপজনিত কাৰণত মৃত্যু হয়৷





    আৰু পঢ়িব পাৰিব : এছআই কেলেংকাৰি : কেনেকৈ সঞ্জিত কৃষ্ণৰ হাতলৈ আহিছিল ৪০ লাখ?





    ১৯৩৮ চনৰ ২১ জানুৱাৰীত গুৱাহাটীৰ শিলপুখুৰীত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীৰ দেউতাক আছিল প্ৰয়াত প্ৰেমেধৰ বৰুৱা আৰু মাতৃ প্ৰয়াত লিলী বৰুৱা। শিল্পী বৰুৱাই প্ৰাথমিক শিক্ষা জীৱন পাৰ কৰিছিল তেজপুৰত৷ তাৰ পাছত পঞ্চম শ্ৰেণীৰপৰা পঢ়িছিল গুৱাহাটীৰ ‘কটন কলেজিয়েট হাই স্কুল’ত। স্নাতক ডিগ্ৰী লাভ কৰিছিল ‘বি বৰুৱা মহাবিদ্যালয়’ৰপৰা।





    তেওঁৰ সংগীত-জীৱন অল ইণ্ডিয়া ৰেডিঅ'ৰ চেমনীয়া চ'ৰাৰ পৰা আৰম্ভ হৈ এজন নিয়মীয়া গায়ক হিচাপে গীত আগবঢ়াই ১৯৬৮ চনৰ পৰা। অসমৰ বহু ছবি ‘বৃষ্টি’, ‘শ্ৰীময়ী মহিমাময়ী’, ‘সাদৰী’, ‘বিশেষ ৰাতি’, ‘প্ৰভাতী পক্ষীৰ গান’, ‘বনহংস’, ‘সেন্দুৰৰে’ আদিত গীতত কণ্ঠদান কৰাৰ লগতে দুখন ছবিত সংগীত পৰিচালনা কৰিছিল বৰুৱাই৷





    আৰু পঢ়িব পাৰিব : মৰ্মান্তিক : দুৰ্ঘটনাত চিৰ দিনৰ বাবে ঘুনীয়া হয় পিতা-পুত্ৰ





    আনহাতে, ‘গুৱাহাটী দূৰদৰ্শন’ৰ দুখন ধাৰাবাহিকত তেওঁ সংগীত পৰিচালনাও কৰিছিল। সংগীত শিল্পীৰ উপৰি তেওঁ ১৯৫৯ চনত ‘অসম পৰিবহণ বিভাগ’ত চাকৰি লাভ কৰে। মুখ্য সহকাৰী হিচাপে তেওঁ সেই কৰ্মৰ পৰা অৱসৰ গ্ৰহণ কৰে।