• সকলো ৰে’ল যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ নিয়ম উলংঘা কৰিলে বিহা হ’ব জৰিমনা

    আঞ্চলিক
    সকলো ৰে’ল যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ নিয়ম উলংঘা কৰিলে বিহা হ’ব জৰিমনা

    গুৱাহাটী : 'সকলো ৰে’ল যাত্ৰীয়ে মাস্ক পিন্ধাটো বাধ্যতামূলক৷ নিয়ম উলংঘা কৰিলে বিহা হ’ব জৰিমনা' আজি মালিগাঁৱৰ মাণ্ডলিক কাৰ্যালয়ত অনুষ্ঠিত উত্তৰ-পূব ৰে’লৱেৰ এক সংবাদমেলৰ এই কথা সদৰী কৰে উত্তৰ-পূব ৰে’লৱেৰ অতিৰিক্ত প্ৰবন্ধকে ৷





    আৰু পঢ়িব পাৰিব : ৰাষ্ট্ৰপতি শাসন? পদত্যাগ কৰিব আন দুগৰাকী মহাৰাষ্ট্ৰৰ মন্ত্ৰীয়ে!





    ক'ভিড পৰিস্থিতি সন্দৰ্ভত এই সংবাদমেলৰ আয়োজন কৰে উত্তৰ-পূব ৰে’লৱে৷ বৰ্তমান সময়ত কৰ'নাৰ দ্বিতীয় ঢৌৰ কৱলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূব৷ যাৰ বাবে সকলো যাত্ৰীকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি মন্তব্য কৰে অতিৰিক্ত প্ৰবন্ধকে৷





    আৰু পঢ়িব পাৰিব : আলফাৰ ভাবুকি : কলকাতালৈ স্থানান্তৰ হ’ব ‘টাটা টী’ৰ কাৰ্যালয়





    ইপিনে কৰ’না বৃদ্ধি পালেও শংকিত হ’ব নালাগে যাত্ৰী৷ কাৰণ ৰে’ল চলাচল বন্ধ কৰাৰ কোনো সম্ভাৱনা নাই ৰে'ল বিভাগৰ৷ ৰে’ল ষ্টেচনত যাত্ৰীৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে৷ আনহাতে সকলো যাত্ৰীকে মাস্কৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান ৰে'ল বিভাগৰ৷