• সাংবাদিকক প্ৰাণেমৰাৰ ভাবুকি আৰক্ষী বিষয়াৰ

    আঞ্চলিক

    শিৱসাগৰঃ ঐতিহ্যমণ্ডিত শিৱসাগৰত সাংবাদিকক প্ৰাণেমৰাৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী আৰক্ষী বিষয়াই! ‘প্ৰাগ নিউজ’ৰ ভিডিঅ’ জাৰ্নেলিষ্ট আছিফ আলীসহ ৫গৰাকী সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ। জয়সাগৰ তিনিআলিত সংঘটিত এই ঘটনা।

    ‘নিশা মই কাকো চিনি নাপাওঁ, কেমেৰা থাকিলেও লাভ নাই, অ'পেন শ্বুট কৰি দিম’- বুলি সাংবাদিকক ভাবুকি প্ৰদান কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে। ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিককেইগৰাকীয়ে। ইফালে আৰক্ষী বিষয়াজনৰ দুষ্কাৰ্যৰ বিৰুদ্ধে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই। স্মাৰক-পত্ৰত ২৪ ঘণ্টাৰ ভিতৰত সাংবাদিকক ভাবুকি প্ৰদান কৰা আৰক্ষী বিষয়াজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জিলা সাংবাদিক সংস্থাই। অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰিছে সাংবাদিক সংস্থাই।

    Weather Forecast