• সাৱধান ! ৰাজ্যত ক'ভিড সংক্ৰমণ অব্যাহত

    আঞ্চলিক
    সাৱধান ! ৰাজ্যত ক'ভিড সংক্ৰমণ অব্যাহত

    গুৱাহাটী : ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ক'ৰনা ভাইৰাছৰ সংক্ৰমণ ৷ মঙলবাৰৰ দিনটোতকৈ এই ৰোগীৰ সংখ্যা বহুখিনি হ্ৰাস পাইছে যদিও বুধবাৰে ৰাজ্যত ৪০৭জনৰ দেহত নতুনকৈ ধৰা পৰিছে কৰ'নাৰ সংক্ৰমণ ৷





    স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বুধবাৰে ৬০৪জন সুস্থ হৈছে যদিও ৪জন লোকৰ মৃত্যু হয়৷ বৰ্তমান ৩,৫৩৩জনৰ দেহত হৈ আছে এই ভাইৰাছ৷ ৰাজ্যত পজিটিভিটী ০. ৬৭%৷ কালিৰ দিনটোত কামৰূপত মেট্ৰ' সৰ্বাধিক ৯৩ জন, গোলাঘাটত ৩৯, দৰং ৩৪, যোৰহাটত ৩৪জন আক্ৰান্ত চিনাক্ত হয়৷





    ইপিনে, কামৰূপ মেট্ৰ', লখিমপুৰ, নগাঁও আৰু শোণিতপুৰত এজনকৈ লোকৰ মৃত্যু হয় ক'ভিডত৷