National
The 20-year-old NEET candidate from Kota, Rajasthan, has gone missing marking the fourth instance of coaching students going missing since January.
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ববাসীয়ে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে আজিও যুঁজি আছে৷ অৱশ্যে পূৰ্বৰ তুলনাত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ক’ভিডৰ বিৰুদ্ধে যুঁজখন এতিয়াও শেষ হোৱা নাই৷ প্ৰতিষেধক উদ্ভাৱনৰ পাছত বিশ্ববাসীয়েও এই ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ আৰু অধিক শক্তি পালে৷ ইতিমধ্যে ভাৰতৰ প্ৰায় দুই তৃতীয়াংশ লোকে ভেকচিনৰ প্ৰথম পালি ল’বলৈ সক্ষম হৈছে৷
প্ৰাৰম্ভিত পৰ্যায়ত ভেকচিনৰ যথেষ্ট নাটনিয়ে দেখা দিছিল৷ মানুহে প্ৰথমপালি প্ৰতিষেধক বিছাৰিও হাহাকাৰ কৰিব লগা হৈছিল৷ কিন্তু লাহে-লাহে প্ৰতিখন জিলাই পৰ্যাপ্ত পৰিমাণে ভেকচিন লাভ কৰিলে৷ ভেকচিন প্ৰদানেৰে ৰাজ্যসমূহে নতুন-নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ অসমতো ভেকচিন প্ৰদানে গঢ়িলে আন এক অভিলেখ৷ ৰাজ্যত ৩ কোটি পালি ক'ভিড প্ৰতিষেধক প্ৰদানৰ সীমা সফলতাৰে অতিক্ৰম কৰিলে স্বাস্থ্য বিভাগে। শনিবাৰে দুপৰীয়া ১.৩০ বজালৈকে মুঠ ৩,০০,২৫,৯৩২ পালি প্ৰতিষেধক প্ৰদান কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷
এই পৰ্যন্ত ৰাজ্যত ২,০৪,৪৪,৬৫৭ গৰাকীয়ে লৈছে প্ৰথম পালি প্ৰতিষেধক। এতিয়ালৈকে দুয়োপালি ক'ভিড প্ৰতিষেধক ল'লে ৯৫.৮১ লাখ লোকে। অসমে ১ কোটি পালিৰ সীমা পাৰ কৰিছিল ২৭ জুলাইত আৰু দ্বিতীয় পালিৰ সীমা ১১ ছেপ্তেম্বৰত অতিক্ৰম কৰিছিল৷ ৰাজ্যখনে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত লাভ কৰা এনে সাফল্যত পিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীক অভিনন্দন জনায় লগতে এই যাত্ৰাৰ অংশীদাৰ হোৱা প্ৰত্যেকজন স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, গাঁওবুঢ়া, বিএলঅ'লৈ স্বাস্থ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে৷
Leave A Comment