ক্ৰীড়া
গুৱাহাটী : সুদীৰ্ঘ চাৰি মাহৰ অন্তত ফেৰীৰে যাত্ৰা কৰা সকললৈ আহিল সুখবৰ। আজিৰে পৰা গুৱাহাটী - উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ হ'ব৷ ১০০ শতাংশ যাত্ৰীলৈ পূৰ্বৰ সময়সূচী মতে চলিব নিয়মীয়া ফেৰী সেৱা। জল পৰিবহণ বিভাগৰ এই কথা জানিবলৈ দিয়ে। পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ ক'ভিড বিধি অনুসৰি গুৱাহাটীৰ প্ৰতিটো ঘাটতে চলিব ফেৰী। আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই বিগত চাৰিমাহ ধৰি বন্ধ আছিল গুৱাহাটীৰ ফেৰী সেৱা। যাৰ বাবে শৰাইঘাটত হৈছিল বৃহৎ যানজঁট।
এফালে যানজঁট আৰু আনফালে সময় অপচয়৷ আনহাতে তাৰমাজতে ভাৰা বৃদ্ধি৷ দহ কিলোমিটাৰ পথৰ বাবে উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটী যাত্ৰা কৰা লোকসকলে ভৰিব লগীয়া হৈছিল তিনিশ চাৰিশ টকা। ফেৰী সেৱা বন্ধ থকাৰ সুযোগ লৈ শৰাইঘাটৰ পৰা কামৰূপ মহানগৰত প্ৰবেশত আৰক্ষীয়ে বাধা দিয়াত টেম্পু চালকে সুবিধা বুজি যাত্ৰীৰ পৰা আদায় কৰি আহিছিল অধিক ভাৰা।
মধ্যম খণ্ডৰ পাৰঘাটৰ বালি চৰৰ বাবে ৰজাদুৱাৰ ঘাটৰ পৰাই দুয়োটা ঘাটৰ ফেৰী চলাচল কৰিব বুলি মধ্যম খণ্ড ঘাটৰ ঘাট নিয়ন্ত্ৰক প্ৰসন্ন দাসে জানিবলৈ দিছে। মধ্যমখণ্ড ঘাটৰ আঁসোৱাহ দূৰ হ'লে পুনৰ এই ঘাটৰ পৰা পৃথকে চলোৱা হ'ব ফেৰী।
Leave A Comment