• সুখবৰ : শিৱ থাপাৰ স্বৰ্ণ জয়

    আঞ্চলিক

    ডিজিটেল ডেস্কঃ এলিট মেনছ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ শিৱ থাপাই।ফাইনেলৰ প্ৰতিদ্বন্দ্বী চাৰ্ভিছেছ স্পৰ্টছ কন্ট্ৰ'ল ব'ৰ্ডৰ দলবীৰ সিঙ টোমৰক তেওঁ ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰে।

    কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটিউট অৱ স্পৰ্টছত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত শিৱ থাপাই লাভ কৰা এই সাফল্যই উৎফুল্লিত কৰি তুলিছে ৰাজ্যবাসীক।

    উল্লেখ্য যে এই সাফল্যৰ পিছতেই শিৱ থাপাই এ আই বি এ এলিট ৱৰ্লড বক্সিং চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

    Weather Forecast