• সুখবৰ : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ সামান্য হ্ৰাস

    আঞ্চলিক
    সুখবৰ : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ সামান্য হ্ৰাস

    গুৱাহাটী : ৰাজ্যত কৰ’নাৰ সংক্ৰমণ সামান্য হ্ৰাস৷ বিগত ২৪ ঘণ্টাত অসমত আক্ৰান্ত হয় ১,৭২৭ জন লোক৷ গুৱাহাটীতে আক্ৰান্ত হয় ২৫০ জনকৈ লোক৷ গুৱাহাটীৰ আক্ৰান্তৰ বৃদ্ধিক লৈ উদ্বিগ্ন স্বাস্থ্য বিভাগ৷ অসমত কালিৰ দিনটোত ২৩ জনৰ মৃত্যু হয়৷ ২৪ ঘণ্টাত ১,৩৩,৭৬০গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়৷





    কালি আক্ৰান্তৰ হাৰ আছিল ১.২৯শতাংশ৷ কালিৰ দিনটোত আৰোগ্য লাভ কৰে ২,৪৯৫গৰাকী লোকে৷ আৰোগ্য লাভৰ হাৰ হৈছে ৯৫.৬৫ শতাংশ৷ ৰাজ্যত বৰ্তমান চিকিৎসাধীন হৈ আছে ১৭,৪৩১জন লোক৷ গোলাঘাটত আক্ৰান্ত হয় ১৭২ গৰাকী, যোৰহাটত ১১৯জন, লখিমপুৰত ১১৪ জন৷