• সুদীৰ্ঘ ৩৭ বছৰীয়া বিদ্ৰোহ পন্থা ত্যাগ কৰি গৃহমুখী আলফা স্বাধীনৰ মেজৰ জেনেৰেল জীৱন মৰাণ

    আঞ্চলিক
    সুদীৰ্ঘ ৩৭ বছৰীয়া বিদ্ৰোহ পন্থা ত্যাগ কৰি গৃহমুখী আলফা স্বাধীনৰ মেজৰ জেনেৰেল জীৱন মৰাণ

    গুৱাহাটী : সুদীৰ্ঘ ৩৭ বছৰীয়া বিদ্ৰোহ পন্থা ত্যাগ কৰি অৱশেষত নিজ গৃহ অভিমুখি হোৱাৰ সিদ্ধান্ত আলফা স্বাধীনৰ নেতা তথা মেজৰ জেনেৰেল, জীৱন মৰাণ উৰফে গুণডৰ। ১৯৮৪ত আলফাত যোগদান কৰি, অৰবিন্দ ৰাজখোৱা পাছতে দ্বিতীয় বেটচত আলফা স্বাধীনৰ বৰ্মাত প্ৰশিক্ষণলৈ যোৱা বৰ্তমানৰ ৬৫ বছৰীয়া আলফা নেতা মৰাণে বাৰ্মাত প্ৰশিক্ষণ লৈ দীৰ্ঘদিন ধৰি আলফা স্বাধীনে বিশ্বাস কৰা থলগিৰি মানুহৰ বাবে বিদ্ৰোহত নামি পৰি অৰণ্যৰ জীৱন কটাইছিল।





    আৰু পঢ়িব পাৰিব: মহানুভৱতা!জন্মদিনটোত প্লাজমা দানৰ অঙ্গীকাৰ শচীনৰ…





    আলফাই ২৫ এপ্ৰিলত জাৰি কৰা এক বিবৃতিত তেওঁ আলফাৰ সশস্ত্ৰ বিদ্ৰোহ ত্যাগ দি নিজ জীৱনৰ অৱশিষ্ট সময় পৰিয়ালৰ সৈতে কটোৱাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰিছে আৰু আলফা স্বাধীনৰ সভাপতি তথা সৰ্বাধিনায়ক অভিজিৎ অসম স্বাক্ষৰিত পত্ৰত আলফা স্বাধীনে তেওঁক সংগঠনৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দি চিকিৎসাৰ লগতে পৰিয়ালৰ সৈতে জীৱনৰ অৱশিষ্ট সময় পাৰ কৰাৰ মনোবাঞ্চা গ্ৰাহ্য কৰি ওপজা মাটিৰ উভতনি যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছে।





    আৰু পঢ়িব পাৰিব: দেশত ক্ৰমাগত চতুৰ্থ দিনলৈ কৰ’নাত আক্ৰান্তৰ নতুন অভিলেখ





    উল্লেখ্য, কণ্টকময় জীৱন সহ অৰণ্যৰ সশস্ত্ৰ বিদ্ৰোহ এৰি সুদীৰ্ঘ প্ৰায় ৪ টা দশকৰ পাছত তিনিচুকীয়াৰ কাকপথাৰৰ উবনত থকা নিজ গৃহলৈ উভতিব আলফাৰ জেষ্ঠ নেতাগৰাকী।