• সুৰা-জুৱাৰ বাবেই স্বামীৰ হাততে প্ৰাণ গ’ল মহিলাৰ! আটক হত্যাকাৰী

    আঞ্চলিক
    সুৰা-জুৱাৰ বাবেই স্বামীৰ হাততে প্ৰাণ গ’ল মহিলাৰ! আটক হত্যাকাৰী

    ধুবুৰীঃ ধুবুৰী জিলাৰ বালাজানত সোমবাৰে নিশা লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। আনোৱাৰা বিবি নামৰ এগৰাকী মহিলাক স্বামী নুৰজামাল শিকাৰীয়ে হত্যা কৰি ৰচীৰে ঘৰৰ চোতালত ওলোমাই ৰখাৰ অভিযোগ উত্থাপন হৈছে।





    আৰু পঢ়িব পাৰিব : হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা লম্পট স্বামীৰ





    হত্যাকাৰী স্বামীৰ বিৰুদ্ধে তীৰ, জুৱা, মদ, আৰু অবৈধ কাম-কাজত লিপ্ত থকাৰ অভিযোগ স্থানীয় লোকৰ। ৮ বছৰৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। ধৃত নুৰজাহানে সোমবাৰে সন্ধিয়া মাৰপিট কৰিছিল মহিলাগৰাকীক।





    আৰু পঢ়িব পাৰিব : বিবাহ যাত্ৰীৰ গাড়ীৰ সন্মুখত নাহৰফুটুকীৰ বিচৰণ : হাঁহচৰাত আতংক !





    মৃত মাতৃগৰাকীৰ আছে দুটাকৈ ফুলকুমলীয়া শিশু। ঘটনাৰ পাছতে বালাজান আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হত্যাকাৰী নুৰজাহানক। সম্প্রতি উক্ত বিষয় সন্দৰ্ভত জিলা দণ্ডাদীশ আৰু বালাজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।